Tripura Election2023:
৬০ খন আসন বিশিষ্ট ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ভোট দান পৰ্ব আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ৷২.৮ কোটি ভোটাৰে নিৰ্ণয় কৰিব ২৫৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ৷
বৰ্তমান ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন চৰকাৰ খনক এইবাৰ নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বান হিচাপে থিয় দিছে তৃণমূল কংগ্ৰেছ আৰু চি পি আই এমে ৷
ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ আজি অনুষ্ঠিত ভোট দানত নিজৰ ভোটদান সাব্যস্ত কৰিবৰ বাবে ভোটাৰ সকলে পুৱাৰে ভোট গ্ৰহণ কেন্দ্ৰত প্ৰখৰ ৰ’দকো নেওচি দীঘলীয়া শাৰি পাতি থকা পৰিলক্ষিত হয় ৷ ৰাজ্ খনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ৩৩৩৭ টা ৷
এঘাৰ বজালৈকে ভোট দানৰ হাৰ আছিল ১৪.৬৭ শতাংশ ৷
আনহাতে দুই চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব দুই মাৰ্চত ৷ তিনি মাৰ্চত ত্ৰিপুৰা সহ তিনিও ৰাজ্যৰ ভোট গণনা হ’ব ৷
৷