Jorhat Fire:ঐতিহ্যমণ্ডিত যোৰহাটৰ চ’কবজাৰ নিশা ভয়াৱহ অগ্নিকাণ্ড

জুইত ভস্মীভূত হ'ল তিনি শতাধিক সৰু-বৰ ব্যৱসায়িক প্রতিষ্ঠান

WhatsApp Image 2023 02 17 at 13.43.43

Jorhat Fire:

যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰত বৃহস্পতিবাৰ সংঘটিত নিশা হয় ভয়ংকৰ অগ্নিকাণ্ড । এফালৰ পৰা জুইৰ গ্রাসত পৰে সমগ্র চ’ক বজাৰ।

জুইত ভস্মীভূত হয় তিনি শতাধিক সৰু-বৰ ব্যৱসায়িক প্রতিষ্ঠান । নিশা সংঘটিত হোৱা অগ্নিকাণ্ড নিৰ্বাপিত কৰিবৰ বাবে যোৰহাটৰ লগতে দাঁতিকাষৰীয়া জিলা গোলাঘাট, শিৱসাগৰ আৰু অইল অ এন জি চি পৰাও আহে বহু কেইখন অগ্নি নিৰ্বাপক গাড়ী ৷

অগ্নি নিৰ্বাপক গাড়ীয়ে বহু চেষ্টাৰ অন্তত শনিবাৰে পুৱাহে সম্পূৰ্ণৰূপে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে চ’ক বজাৰৰ সকলোবোৰ দোকান- পোহাৰ জুইত জাঁহ যায় ।

প্ৰাপ্ত খবৰ অনুসৰি বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে  জুই ইমানেই ভয়ংকৰ যে  জুইৰ উত্তাপত বজাৰৰ দাঁতিকাষৰীয়া কেইবাটাও অট্টালিকাক ফাট মেলিছে।

মনকৰিবলগীয়া যে, ২০১৪ চনত চ’ক বজাৰত দুবাৰকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । বৰ্তমানলৈ চ’ক বজাৰখনত সংঘটিত এইটো তৃতীয়টো অগ্নিকাণ্ডৰ ঘটনা।

স্থানীয় লোকৰ অভিযোগ মতে, বজাৰখন অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল। চ’ক বজাৰৰ ব্যৱসায়ীসকলক সেই ঠাই এৰিবলৈ প্ৰশাসনে পূৰ্বতেই নিৰ্দেশো দিছিল।

কিয়নো সেই স্থানত বহু মহলীয়া মাৰ্কেট কমপ্লেক্স নিৰ্মাণৰ পৰিকল্পনা থকাৰ কথাও জানিব পৰা গৈছে ।

Exit mobile version