Guwahati Police Encounter : আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম তালুকদাৰ

6dd0329f ef0d 44db 9e1a d38cfb233a4a

Guwahati Police Encounter :

পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক পাঞ্জাবাৰীৰ ৰাজপথত দিন দুপৰতে গুলীয়াই হত্যা কৰা দুৰ্ধৰ্ষ অপৰাধী শ্বাহ আলম অৱশেষত আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় ৷ যোৱা নিশা সোণাপুৰত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ অপৰাধীটো। বুকুত দুটাকৈ গুলী লাগে অপৰাধীটোৰ।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱতি নিশা সাতগাঁও আৰক্ষীৰ জিন্মাত থকা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মুল মাষ্টাৰ মাইণ্ডটোৱে আৰক্ষীক সাতগাঁওৰ বতাহঘুলীত হত্যাকাণ্ডত ব্যৱহ্ত ৰিভলভাৰটো দেখুৱাব যোৱা অৱস্থাত আৰক্ষীত গতিয়াই হেণ্ডকাফ সহ পলাইছিল দুৰ্ধৰ্ষ অপৰাধী শ্বাহ আলম তালুকদাৰ

বৰ্তমান জি এম চি এইছৰৰ মৰ্গত আছে শ্বাহ আলমৰ মৃতদেহ ৷ আনহাতে দুৰ্ধৰ্ষ অপৰাধীটো নিহত বাতৰি পোৱাৰ পাছতে স্বামীৰ ফটো বুকুত লৈ কান্দি কান্দি আৰক্ষীক ধন্যবাদ জনালে ৰঞ্জিত বৰাৰ পত্নীয়ে৷তেওঁ কয়, মৃত্যুৰ শাস্তি মৃত্যু হ’ল, আজি তেওঁৰ আত্মাই শান্তি পালে৷

Exit mobile version