GMCH Doctor Suicide :জি এম চি এইছৰ চিকিৎসক ডা:আইভি শৰ্মাৰ আত্মহত্যা

WhatsApp Image 2023 02 19 at 16.46.30

GMCH Doctor Suicide :

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মহবিদ্যালয়ৰ চিকিৎসক ডা:আইভি শৰ্মাৰ আত্মহত্যা ৷ মহানগৰীৰ হাতীগাওঁৰ বশিষ্টপুৰৰ তিনি নং উপ পথৰ নিজ ২১নং বাসগৃহতে দেওবাৰে পুৱা ভাগত আত্মহত্যা কৰে চিকিৎসক গৰাকীয়ে ৷

উল্লেখ্য যে দিল্লীত অধ্যয়ন কৰি থকা নিজ জীয়ৰীৰ কোঠাত চিপজৰী লৈ আত্মহত্যা কৰে ৷ আনহাতে সেই সময়ত চিকিৎসক স্বামী ডা:দেৱজিৎ চৌধুৰী বাসগৃহৰ আন এটা কোঠাত আছিল ৷

কি কাৰণত চিকিৎসক গৰাকীয়ে আত্মহত্যা হত্যা কৰিলে এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও হাতীগাওঁ আৰক্ষী সূত্ৰে জানিব পৰা মতে চিকিৎসক গৰাকী বহুদিন ধৰি মানসিক সমস্যাত ভূগি আছিল ৷

ঘটনাৰ পাছতে হাতীগাওঁ আৰক্ষী উপস্থিত হৈ ডা:আইভি শৰ্মাৰ মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰিছে ৷

প্ৰয়াত আইভি শৰ্মাৰ স্বামী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনস্থ কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰৰ অধীক্ষক ৰূপে নিয়োজিত হৈ আছে ৷

Exit mobile version