JP Nadda To The Constituency Held By The Opposition:বৰপেটা- কলিয়াবৰ- নগাঁৱত প্ৰৱাস কৰিবলৈ আহি আছে

WhatsApp Image 2023 02 19 at 18.06.06

JP Nadda To The Constituency Held By The Opposition :

অসমৰ ১২ টা লোকসভা সমষ্টি দখলৰ অভিযানক গতি দিবলৈ শীঘ্ৰে ৰাজ্যলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ড
বর্তমান দলৰ দখলত থকা নটাৰ লগতে বিৰোধীৰ দখলত থকা বৰপেটা, কলিয়াবৰ আৰু নগাঁও এইবাৰ দখল কৰিবলৈ দলটোৱে লক্ষ্য লৈছে। নাড্ডা অসমলৈ আহি এই তিনিটা সমষ্টিতে দলৰ প্ৰৱাস কাৰ্যসূচীত ভাগ ল’ব।

সেই অনুসৰি সমষ্টি তিনিটাত নাই নিশা পর্যন্ত কটাব আৰু প্ৰৱাস কাৰ্যসূচীৰ অংশবোৰ ৰূপায়ণ কৰিব। সেই অনুসৰি সভাপতিজনে সমষ্টিকেইটাৰ বিভিন্ন পৰ্যায়ৰ ভোটাৰৰ লগত মত বিনিময় কৰা, অনুষ্ঠান-ক্লাব-সংগঠন আদিৰ লগত বাৰ্তালাপ কৰা, বিশেষ বিশেষ লোকৰ ঘৰলৈ যোৱা, চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ স’তে কথা পতা আদি কাৰ্যসূচীত ভাগ ল’ব।

উল্লেখযোগ্য যে কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুই ইতিমধ্যে সমষ্টি তিনিটাত প্ৰৱাস কৰিছে। ৰিজিজু আকৌ প্ৰৱাসলৈ আহিব। উল্লেখ্য যে অসমকে ধৰি সমগ্ৰ দেশৰ বিৰোধীৰ দখলত থকা ৬০ টাৰো অধিক সমষ্টি এইবাৰ নিজৰ দখললৈ নিয়াৰ বাবে বিজেপিয়ে অভিযান অব্যাহত ৰাখিছে।

এই সমষ্টিবোৰৰ ভিতৰত অসমৰ উক্ত তিনিটা সমষ্টি অন্যতম। ধুবুৰীও বিৰোধীৰ দখলত আছে যদিও সমষ্টিটোক লৈ বিজেপি আশাবাদী নহয়। লক্ষ্য নিৰ্ধাৰিত এই সমষ্টিবোৰ দখলৰ ৰণকৌশলৰ এক উল্লেখযোগ্য কাৰ্যসূচী হ’ল শীর্ষনেতাৰ সমষ্টিত প্ৰৱাস।

এই কাৰ্যসূচীত নেতাসকলে সংশ্লিষ্ট সমষ্টিত নৈশ যাপন কৰি দলে অৰ্পণ কৰা দায়িত্ব কাৰ্যকৰী কৰিব লাগে। অসমৰ এই তিনিটা সমষ্টিত বিজেপিয়ে আগ্রাসী ৰূপত সাংগঠনিক আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ অব্যাহত ৰাখিছে। বিজেপিৰ অতি সম্ভাৱনাপূর্ণ সমষ্টিৰো অন্তৰ্ভুক্ত হৈছে বৰপেটা, নগাঁও আৰু কলিয়াবৰ।

গতিকে এই তিনিটা সমষ্টিত সভাপতি নাই প্ৰৱাস কৰিব। ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই সম্ভাৱনা ব্যক্ত কৰা অনুসৰি আগন্তুক ফাকুৱাৰ পাছতে অথবা ব’হাগ বিহুৰ আগত নড্ডা এই উদ্দেশ্যে অসমলৈ আহিব। উল্লেখযোগ্য যে ভবেশ কলিতায়ো ইতিমধ্যে এই সমষ্টি তিনিটাত প্ৰৱাস কৰিছে।

অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াও অব্যাহত আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তেতিয়া বৰ্তমানৰ সমষ্টিৰ পৰিসীমাৰ ইফাল-সিফাল হ’ব।

কিন্তু তেতিয়ালৈকে বিজেপি ৰৈ থাকিব বিচৰা নাই। দলটোৱে সামগ্রিক সাংগঠনিক কার্যসূচী হিচাপে বৰ্তমানৰ সমষ্টিতে নিৰ্বাচনী তৎপৰতাবোৰ অব্যাহত ৰাখিছে।

Exit mobile version