Odalbakra Murder :মহানগৰীৰ ওদালবাক্ৰাত নিশা হত্যাকাণ্ড !

টেম্প’ চালকৰ প্ৰহাৰত থিতাতে মৃত্যু ই -ৰিক্সা চালকৰ

WhatsApp Image 2023 02 19 at 13.08.15 1

Odalbakra Murder :

মহা শিৱৰাত্ৰিৰ পূজা অৰ্চনাৰ মাজতে মহানগৰীৰ ওদালবাক্ৰাত যোৱা নিশা সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড | ই- ৰিক্সা আৰু টেম্প’ চালকৰ মাজত সংঘটিত হোৱা সাধাৰণ মাৰপিটৰ ঘটনাই ল’লে ভয়ংকৰ ৰূপ |

প্ৰথমে বাক-বিতণ্ডা ৷ তাৰ পাছতে দুয়োৰে মাজত আৰম্ভ হয় প্ৰচণ্ড মাৰপিট ৷ টেম্প’ চালক নৱ ৰয়ে ই- ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিনক শিলেৰে আক্ৰমণ কৰাত থিতাতে নিহত হয় ৰহিজুদ্দিন ৷

ইয়াৰ পাছতে ঘটনাস্থলীত ওদালবাক্ৰা আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত টেম্প’ চালক নৱ ৰয়ক নিশাই আটক কৰে |

Exit mobile version