China : জিনপিং চৰকাৰৰ বিৰুদ্ধে আন্দোলনকাৰী এজনৰ পাছত আনজন সন্ধানহীন হৈছে চীনত

download 3 1

China :

চীনত কৰ’নাৰ ত্ৰাস লাহে লাহে আঁতৰিবলৈ ধৰিছে। কিন্তু এনে সময়তে দেশখনত আন এটা বিষয়ে বিশেষ চর্চা লাভ কৰিছে। ৰাষ্ট্রপতি জি জিনপিঙৰ চৰকাৰে কৰ’না নীতিৰ বিৰুদ্ধে আন্দোলনত অংশ লোৱা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ অভিযোগ উত্থাপিত হৈছে।জিনপিং চৰকাৰৰ কৰ’না নীতিৰ বিৰুদ্ধে কে’বামাহ পূৰ্বে চীনৰ একাংশ প্ৰদেশত ব্যাপক বিক্ষোভ প্ৰদৰ্শন কৰিছিল।

প্রকাশিত বাতৰি অনুসৰি চৰকাৰ বিৰোধী এই বিক্ষোভত অংশ লোৱা বহু লোকক জিনপিং প্রশাসনে বন্দী কৰিলে। চীনৰ কে’বাজনো বিশিষ্ট নাগৰিক সম্প্ৰতি সন্ধানহীন হৈ আছে। বিবিচিয়ে এক প্রতিবেদনত দাবী কৰা অনুসৰি চীন চৰকাৰে বৰ্তমানলৈকে কমেও ১০০ জন লোকক গোপনে জিম্মাত ল’লে।

এইসকল বন্দীৰ মাজত যথেষ্ট সংখ্যক মহিলাও আছে।আমেৰিকা আৰু ব্ৰিটেইনৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি চীনলৈ উভতা লোককো প্রশাসনে বন্দী কৰাৰ অভিযোগ বিবিচিয়ে উত্থাপন কৰিছে।

সমাজকৰ্মীৰ লগতে লেখক, সাংবাদিক, শিক্ষক আৰু সংগীত শিল্পীকো চীন চৰকাৰে গোপনে বন্দী কৰি ৰখা বুলি বিবিচিয়ে উক্ত প্রতিবেদনত দাবী কৰিছে।

Exit mobile version