Guwahati Police Commissioner Pressmeet: দেশ শিহৰিত কৰা মহানগৰীৰ ডাবল মাৰ্ডাৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ সংবাদমেল

সংবাদমেলত বহু চাঞ্চল্যকৰ তথ্য সদৰি

WhatsApp Image 2023 02 20 at 17.57.44

Guwahati Police Commissioner Pressmeet :

দেশ কপাই যোৱা গুৱাহাটীৰ ডাবল মাৰ্ডাৰ সন্দৰ্ভত আজি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সম্বোধন কৰে এক সংবাদমেল । সংবাদমেলত সদৰি কৰে লোমহৰ্ষক হত্যাকাণ্ডৰ বহু তথ্য ৷

মহানগৰ আৰক্ষীয়ে কিদৰে অনুসন্ধান কৰি হত্যাকাণ্ড পোহৰলৈ আনে সেই সকলো বিৱৰণ দাঙি আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে, বন্দনা কলিতা আৰু অমৰজ্যোতি দে’ৰ বিবাহ সম্পন্ন হৈছিল বাৰ বছৰ পূৰ্বে ৷ এই বিবাহ খনত সন্মতি নাছিল বন্দনাৰ পিতৃ- মাতৃৰ ৷

আৰক্ষীৰ মাৰাথন জেৰাত হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাই উল্লেখ কৰা মতে, স্বামী অমৰ অত্যাধিক সুৰাপায়ীৰ লগতে ড্ৰাগছ আসক্ত আছিল ৷ একেদৰে বহু যুৱতীৰ স’তেও আছিল সম্পৰ্ক৷ ইয়াকে লৈ বন্দনাৰ সৈতে প্ৰায়ে কাজিয়াপেচাল হৈছিল ৷

এনে তিক্ততাপূৰ্ণ সংসাৰ চিল থকাৰ মাজতে বন্দনাই জিম প্ৰশিক্ষকৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ আনহাতে বন্দনাই আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, স্বামী আৰু শাহুৰ মাজতে সম্পৰ্ক ভাল নাছিল ৷

আনকি পৰৱৰ্তী সময়ত তেওঁৰ জিম প্ৰশিক্ষণত সমৰ্থন দিয়া নাছিল ৷ যাৰবাবে শাহু- বোৱাৰীৰ মাজত তৰ্কাতৰ্কি হৈ থাকে ৷

স্বামী আৰু শাহুৰ সৈতে হৈ থকা তিক্ততাপূৰ্ণ সংঘাতৰ বাবেই পৰিস্থিতি এনেকুৱা হয়গৈ যে, বন্দনাই স্বামীৰ পৰিয়ালৰ পৰা পৰিত্ৰাণ পাবৰ শৰণাপন্ন হয় দুই বন্ধু ধন্টি আৰু অৰূপ দাসৰ ৷

দুই বন্ধুৰ স’তে মিলি ৰছনা কৰে এক অভিসন্ধি আৰু পৰিকল্পিত অভিসন্ধিমৰ্মে দুই বন্ধুৰ সৈতে মিলি  শাহু শংকৰী দে’ক যোৱাবৰ্ষৰ ২৬ জুলাইত নৃশংসভাৱে হত্যা কৰাৰ বিপৰীতে ১৭ আগষ্টৰ দিনা ডিঙি ৰেপি হত্যা কৰে অমৰজ্যোতি দে’ক ৷

আনহাতে হত্যাকাণ্ড আচল ৰহস্য সন্দৰ্ভত আৰক্ষী আয়ুক্ত পৰা সাংবাদিকে জানিব বিচৰাত তেওঁ তদন্তৰ খাতিৰত সৱিশেষ তথ্য সদৰি কৰাৰ পৰা বিৰত থাকে ৷

আনকি বন্দনাৰ ওপৰত স্বামী পৰিয়ালৰ সম্পত্তি বা মানসিক – শাৰীৰিক অত্যাচাৰ চলিছিল নেকি যাৰ বাবে এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিবলৈ বাধ্য হ’ল নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত কয়,এই সকলো দিশ সম্পৰ্কত তদন্ত অব্যাহত আছে ৷
পৰৱৰ্তী সময়ত সকলো কথা নিশ্চিতভাৱে স্পষ্ট হ’ব বুলি কয় আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷ উল্লেখ্য যে আটকাধীন তিনি হত্যাকাৰী বন্দনা কলিতা,ধনটি ডেকা আৰু অৰূপ দাসক আজি মহানগৰ আৰক্ষীয়ে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে ৷ আদালতে চাৰিদিনৰ বাবে মহানগৰ আৰক্ষীৰ জিন্মাত দিয়ে ৷

Exit mobile version