Panjab Pak Border Heroin Including Drone Seized:
পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ ভাৰত-পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ঘনিয়াকে গাঁৱৰ পথাৰত উদ্ধাৰ হৈছে ২.৫ কিলোগ্ৰাম হিৰ’ইন সহ এখন কোৱাডকপ্টাৰ ড্ৰোন ৷
সীমান্তৰ সুৰক্ষাত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ দল এটাই নিয়মীয়া টহলকাৰী দি থকা সময়তে গুৰদাসপুৰ জিলাৰ গাঁও ঘনিয়াকেৰ সমীপত পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে কোৱাডকপ্টাৰ ড্ৰ’ন ৷
উল্লেখ্য যে জব্দকৃত ড্ৰ’ন খনত হালধীয়া প্লাষ্টিকৰে বান্ধি থোৱা পেকেটৰ ভিতৰত উদ্ধাৰ কৰে প্ৰায় দুই কিলো সাতশ ত্ৰিশ গ্ৰাম ওজনৰ নিষিদ্ধ হিৰ’ইন ৷
বিএছ এফৰ সূত্ৰ এটিয়ে সদৰি কৰা মতে,সীমান্তৰ সিপাৰৰ পৰা ড্ৰণৰ জৰিয়তে হিৰ’ইন সহ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰিছিল পেডলাৰে ৷ কিন্ত ড্ৰণ খন যান্ত্ৰিক বিজুতি ঘটি গুৰদাসপুৰ জিলাৰ গাঁও ঘনিয়াকে পথাৰত পৰি যায় বুলি সন্দেহ কৰিছে বিএছ এফে ৷
ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে পঞ্জাৱৰ পাক সীমান্তৱৰ্তী অঞ্চলত কটকটীয়া কৰি তুলিছে নিৰাপত্তা
ব্যৱস্থা ৷