PM Modi’s Election Rally In Nagaland: নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী মোডী

ডিমাপুৰৰ নিৰ্বচনী সভাত পৰম্পৰাগত নাগা পোছাক পৰিধান কৰি দিলে উদাত্ত ভাষণ,শ্বিলঙত ৰ'ড শ্ব আৰু তুৰাত নিৰ্বচনী সভাটো অংশ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ

WhatsApp Image 2023 02 24 at 15.59.04

PM Modi’s Election Rally In Nagaland:

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে দুপৰীয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় ডিমাপুৰত ৷ ডিমাপৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই তেওঁক বিশেষ আদৰণি জনোৱাৰ লগতে পৰিধান কৰাই দিয়ে নাগা পৰম্পৰাগত পোছাক আৰু প্ৰদান কৰে নাগা সকলৰ বিশেষ অস্ত্ৰ ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত টাৰ্গেট কৰি লয় কংগ্ৰেছক ৷ তেওঁ কয়,এসময়ত নাগালেণ্ডৰ শাসনত অধিককাল থকা কংগ্ৰেছে ৰাজ্যখনত অস্থিৰ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিবৰ বাবে দিল্লীৰ পৰা ৰিমৰ্ট কন্টলৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিছিল নাগালেণ্ড সহ সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলক ৷

এক প্ৰকাৰ পৰিয়ালবাদত বিশ্বাসী দলটোৱে উন্নয়নৰ বাবে আৱন্টন কৰাৰ ধনৰ ব্যাপক অপ ব্যৱহাৰ কৰি উন্নয়নৰ পিনে পিঠি দিছিল ৷ কংগ্ৰেছে উত্তৰ- পূৰ্বৰ অঞ্চলটোক উন্নয়নৰ পৰিৱৰ্তে এটি এম হিচাপে ব্যৱহাৰ কৰে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰৰ শাসনৰ বাঘজৰী লোৱাৰ পাছতে ক্ৰমাগতভাৱে শান্তি আৰু উন্নয়নক বিশেষ অগ্ৰাধিকাৰ দি আহিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক অষ্টলক্ষ্মী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই বৃহৎ অঞ্চলটোৰ দ্ৰুত উন্নয়ন হোৱাটো কামনা কৰি ইতিমধ্যে পৰ্যায়ক্ৰমে বিভিন্ন পুঁজিৰ জৰিয়তে উন্নয়ন তৰাম্বিত হৈছে ৷

ডিমাপুৰৰ বিশাল জনসভা খনত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আৰু কয়, এন ডি এ-এ পাৰ্বত্য ৰাজ্য নাগালেণ্ডত এক স্থায়ী শান্তি স্থাপনৰ বাবে আহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই প্ৰচেষ্টাৰ ফচল ৰূপে যাতে শীৰ্ঘেই অঞ্চলটোৰ পৰা
সশস্ত্ৰ বল বিশেষ ক্ষমতা আইন আৰু অশান্ত অঞ্চল প্ৰত্যাহাৰ কৰিব পাৰি ৷

আনহাতে বিজেপিয়ে কেতিয়াও ধৰ্ম আৰু অঞ্চলক লৈ মানুহৰ মাজত বৈষম্য নকৰে ৷ বৰং সকলোকে নিজৰ লোক বুলি লৈ সন্মান কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে এসময়ত নাগালেণ্ডত বিভাজন ৰাজনীতি হৈছিল কিন্ত নেফিউ ৰিঅ’ইৰ নেতৃত্বত বিজেপি- এন ডি পি পি চৰকাৰ অহাৰ পাছৰে পৰা ঐশ্বৰিক শাসনলৈ পৰিৱৰ্তন কৰা হৈছে ৷ আমি দ্ৰত উন্নয়নত বিশ্বাসী ৷

প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি কয়, এন ডিএ নাগালেণ্ডৰ সৰ্বাগীন উন্নয়নৰ বাবে তিনিটা মন্ত্ৰ লৈ আনিছে ৷ সেই কেইটা হ’ল শান্তি,প্ৰগতি আৰু সমৃদ্ধি

আনহাতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দুৰ্নীতি ৰোধ কৰিবৰ বাবে বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি শেহতীয়াকৈ দিল্লীৰ পৰা হিতাধিকাৰীলৈ অহা ধন পোনপটীয়াকৈ বেংক একাউণ্টত সোমোৱাত হিতাধিকাৰী সকল উপকৃত হৈছে ৷

আগন্তুক দিনত ৰাজ্যখনৰ এখন সাৰ্বজনীন চৰকাৰৰ বাবে এন ডি এ মিত্ৰ গোষ্ঠীৰ বিজেপি- এন ডি পি পি প্ৰক্ষেপিত সকলো প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰিবলৈ নাগালেণ্ডৰ জনগণক আহবান জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে  ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ পুলিচ বজাৰত এক বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰে ৷ পথৰ দুয়োকাষে ৰৈ থকা অনুৰাগী সকলৰ অভিবাদন গ্ৰহণ কৰে ৷

ইয়াৰ পাছতে তুৰাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে এন পি পি আৰু টি এম চিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷

আগন্তুক দিনত এখন সুস্থিৰ আৰু প্ৰগতিৰ মেঘালয়ৰ বাবে বিজে পি প্ৰাৰ্থীক ভোটদানৰ দিনা পদুম ফুলৰ চিনত ইভিএমৰ বুটাম টিপি ভোটদান কৰিবৰ বাবে আহ্বান জনায় ৰাইজক ৷

উল্লেখ্য যে ,কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন ৷ ভোটদান হ’ব ২৭ ফেব্ৰুৱাৰীত ৷

Exit mobile version