Rock Statues Of Ancient Ram And Hanuman Found In Maj Jamguri : নগাঁৱৰ মাজ জামুগুৰিত গাত খান্দোতে ওলাল ৰামচন্দ্ৰ–হনুমানৰ প্ৰতিমূৰ্তি

5cfaeff0 21e9 484e b983 27efd3b9fd07

Rock Statues Of Ancient Ram And Hanuman Found In Maj Jamguri :

নগাঁও চহৰৰ পৰা পাশ্বৱৰ্তী মাজ জামুগুৰিত উদ্ধাৰ প্ৰাচীণ প্ৰতিমূৰ্তি। প্ৰাপ্ত খবৰ অনুসৰি , মাজ জামুগুৰি অঞ্চলৰ বাসিন্দা ডিম্বেশ্বৰ নাথৰ ঘৰত থকা ঢেঁকীশালৰ শিলৰ খুৱলি পুনৰ মেৰামতিৰ কাৰণে গাত খান্দোতে গাতৰ তলৰ পৰা ওলায় শ্ৰীৰামচন্দ্ৰ,হনুমান আৰু ঋষি খোদিত প্ৰাচীন শিলামূৰ্তি ৷

পাছত ডিমেশ্বৰ নাথে মুৰ্তিভাগ ধুই পখালি নিদিষ্ট স্থানত প্ৰতিষ্ঠা কৰি পূজা- অৰ্চনা কৰে ৷ আনহাতে নাথৰ ঘৰত গাত খান্দোতে ৰামচন্দ্ৰ আৰু হনুমানৰ শিলামূৰ্তি উদ্ধাৰ হোৱা খবৰ বিয়পি কৰাৰ পাছতে বহু ভক্তৱানলোকৰ সমাগম হয় ৷

সকলোৱে এইয়া ঈশ্বৰৰ ঐশ্বৰিক মহিমা বুলি মন্তব্য কৰে যদিও আন একাংশই পূৰ্বতে সেই স্থানত থকা প্ৰাচীন মন্দিৰৰ প্ৰতিমুৰ্তি বুলি উল্লেখ কৰে ৷

Exit mobile version