Story of A Beggar From Tamil Nadu : ভিক্ষা কৰি ৫০ লাখ টকা জমা ! দান কৰিলে মুখ্যমন্ত্ৰী পুজিলৈ

1677312191 tamilnadu

Story of A Beggar From Tamil Nadu :

২৪ বছৰৰ আগতে পত্নীৰ মৃত্যু । দুয়োজন পুত্ৰৰ কোনোৱেই গুৰুত্ব নিদিয়ে। সেয়েহে ভিক্ষা কৰি দিন কটায় তামিলনাডুৰ বাসিন্দা পুলপাণ্ডিয়ানে ।কিন্তু ৭২ বছৰীয়া পুলপাণ্ডিয়ানে ভিক্ষাৰ টকাসমূহ নিজৰ বাবে খৰচ নকৰি সেই সকলোখিনি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰিছিল।

পাঁচ বছৰ ভিক্ষা কৰি ৫০ লাখ টকা জমা কৰিছিল পুলপাণ্ডিয়ানে ।আৰু তামিলনাডুৰ বিভিন্ন জিলা ভ্ৰমণ কৰি জমা টকাখিনি চৰকাৰী কাৰ্যালয়লৈ দান কৰিছিল ।

এক সাক্ষাৎকাৰত তেওঁ কয়, “মোৰ পৰিয়ালত কোনো নাই। ইমান টকাৰে মই কি কৰিম ? মোৰ পত্নীবহু দিনৰ আগতে মৃত্যুবৰণ কৰিছে । ল’ৰাকেইটাৰ বিয়া হৈ গৈছে । তেওঁলোকৰ এতিয়া বেলেগ পৰিয়াল । ল’ৰাকেইটাই মোৰ চোৱা চিতা নকৰে। গতিকে মই অকলে ঘূৰি ফুৰো, ভিক্ষা কৰোঁ আৰু মোৰ নিজৰ খৰচ চলাওঁ।”

পুলপাণ্ডিয়ানে জনাই যে তেওঁ প্ৰথমে ২০২০ চনৰ মে মাহত ক’ভিড মহামাৰীৰ সময়ত সাহায্য পুঁজিলৈ ধন দান কৰিছিল। তেওঁ প্ৰথমবাৰৰ বাবে ১০ হেজাৰ টকা দান কৰিছিল। তাৰ পাছত, তেওঁ তামিলনাডুৰ বিভিন্ন জিলাৰ জিলা কালেক্টৰেটৰ কাৰ্যালয়লৈ যায় আৰু ধন দান কৰে।

৭২ বছৰীয়া জেষ্ঠলোকজনে পাঁচ বছৰৰ বাবে প্ৰায় ৫০ লাখ টকা জমা কৰিছে । কেৱল সাহায্য পুঁজিই নহয়, তেওঁ শ্ৰীলংকাৰ তামিলসকলক সহায় কৰিবলৈ আৰু বিভিন্ন বিদ্যালয়ৰ উন্নয়নত সহায় কৰিবলৈ ধন দান কৰিছে।

১৯৮০ চনত পুলপাণ্ডিয়ানে তেওঁৰ পত্নী আৰু দুই পুত্ৰৰ স’তে তামিলনাডুৰ পৰা মুম্বাইলৈ যায়। তাত তেওঁ এটা চাকৰিও কৰিছিল । তাত উপাৰ্জন কৰি দুই পুত্ৰকো বিয়া কৰাইছিল।

২৪ বছৰ আগতে তেওঁৰ পত্নীৰ মৃত্যুৰ পাছত, তেওঁ পুত্ৰসকলৰ ওচৰলৈ যায়। কিন্তু তেওঁৰ দুই পুত্ৰই তেওঁৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাৰ লগে লগে পুলপাণ্ডিয়ান তামিলনাডুলৈ আহি ভিক্ষা বিচাৰিবলৈ আৰম্ভ কৰে। ২০২০ চনত, তেওঁক তেওঁৰ সমাজ সেৱাৰ বাবে মাদুৰাই জিলা প্ৰশাসনে এই বঁটাৰে সন্মানিত কৰিছিল।

Exit mobile version