Two Govt. Employees Held By CM Vigilance : পুনৰ হাত দাঙিলে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীয়ে

ঘোচ লওতেই হাতে লোটে আটক গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী

WhatsApp Image 2023 02 28 at 16.42.10

Two Govt. Employees Held By CM Vigilance :

 পুনৰ হাত দাঙিলে দুই চৰকাৰী কৰ্মচাৰী ৷ ঘোচ লওতেই হাতে লোটে আটক হয় গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী ৷ ধৃত কৰ্মচাৰী দুজন হ’ল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিপজিৎ চৰকাৰ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী আনচাৰ আলী ৷

উল্লেখ্য যে,গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত মহিবুল ইছলাম নামৰ ফাৰ্মাচিষ্ট এগৰাকীক আটকাধীন কৰ্মচাৰীদ্বয়ে ফাৰ্মাচী লাইচেন্সৰ বাবে দাবী কৰিছিল ১৯ হেজাৰ টকা।

এই সন্দৰ্ভত মহিবুল ইছলাম নামৰ ফাৰ্মাচিষ্টজন কাষ চাপে চি এম ভিজিলেন্সৰ ৷ চি এম ভিজিলেন্সৰ পৰামৰ্শ অনুসৰি মঙলবাৰে দাবী কৰা ১৯ হেজাৰ টকাৰ দহ হেজাৰ টকা ঘোচ লওঁতেই দুই কৰ্মচাৰীক হাতে লোটে কৰায়ত্ত কৰে পূৰ্বৰে পৰা খাপ পিটি থকা ভিজিলেন্সৰ দলে ৷ ধৃত দুই কৰ্মচাৰীয়ে পূৰ্বতে আদায় লৈছিল প্ৰায় চাৰি হেজাৰ টকা ৷

মনকৰিবলগীয়া যে,ৰাজ্যত ইজনৰ পাছত সিজনকৈ ঘোচ খোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো শিকনি হোৱা নাই একাংশ লোভীয়া বিষয়া-কৰ্মচাৰীৰ ৷

Exit mobile version