Cancer Treatment : মৃত্যুৰ পাছত শ্ৰাদ্ধ নহয়, বন্ধুসকলৰ কাষত পাৰ্টি কৰাৰ আবেদন কেঞ্চাৰ আক্ৰান্ত মহিলাৰ !

1677575064 new project 2023 02 28t143043 150

Cancer Treatment :

কৰ্কট ৰোগৰ কথা শুনিলেই যেন কঁপি উঠে সকলো । কৰ্কট ৰোগত আক্ৰান্তলোকে ভাবে যে জীৱন তেঁওৰ জীৱন শেষ হৈ গৈছে ।

বিশেষকৈ যেতিয়া কৰ্কট ৰোগৰ অন্তিম পৰ্যায়ত বহুতো লোক হতাশাগ্ৰস্ত হৈ পৰে, হাতত বাকী থকা সকলো সময় তেঁওলোকে অনুশোচনা কৰিয়েই অতিবাহিত কৰে ।

৭৬ বছৰীয়া লিণ্ডা উইলিয়ামছ কিন্তু সকলোতকৈ পৃথক। শ্ৰাদ্ধ নহয় , তেঁওৰ মৃত্যুৰ পাছত যেন বন্ধুসকলে পাৰ্টি কৰে এনে অদ্ভুত প্ৰকাশ কৰিছে তেওঁ । তেওঁ কয়, “মই বিচাৰো যে মোৰ মৃত্যুৰ পাছত মোৰ জীৱন উদযাপন কৰা হওক!”

কিছুবছৰৰ আগতেই লিণ্ডাৰৰ কৰ্কট ৰোগত ধৰা পৰিছে । তেওঁ জানিব পাৰিছে যে তেওঁ কৰ্কট ৰোগৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছে ।

ভাগি নপৰি বাকী জীৱনটো সুখেৰে কটোৱাৰ সিদ্ধান্ত লৈছে জ্যেষ্ঠাই । তেতিয়াৰ পৰাই তেওঁ নিয়মীয়া পাৰ্টিৰ আয়োজন কৰি আহিছে।

কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পাছত, তেওঁ এই জীৱনত কি কৰিব বিচাৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰিছিল, যিটো এতিয়াও পূৰণ হোৱা নাই।

লিণ্ডাৰ চখ আছিল ১৯৪০ চনত ব্ৰিটেইনৰ যুদ্ধক বিষয়বস্তু কৰি পাৰ্টি কৰা। তেঁওৰ সন্তানে তেওঁৰ এই চখ পূৰণ কৰে । লিণ্ডাৰে যুঁজাৰুৰ পোছাক পৰিধান কৰি গোটেই ৰাতি বন্ধুবৰ্গৰ স’তে নৃত্য কৰে আৰু যথেষ্ট ফুৰ্তি কৰে।

লিণ্ডাই সিদ্ধান্ত লয় যে তেওঁ চিকিৎসালয়ত নাথাকে। তেওঁ এগৰাকী নাৰ্চক যত্নৰ বাবে ঘৰত ৰাখিছিল। পাৰ্টিলৈ নিমন্ত্ৰণো দিছিল সেৱিকাক। জীৱনত যিমান সময় বাকী আছে তেওঁ উদযাপন কৰিবলৈ বিচাৰিছিল আৰু তেঁও তেওঁ সফল হয়।

Exit mobile version