Russian Scientist Andrey Botikov :ৰহস্যজনক মৃত্যু ৰাছিয়াৰ ক’ভিড প্ৰতিষেধক আৱিষ্কাৰ কৰা বিজ্ঞানীৰ

ষড়যন্ত্ৰৰ অভিযোগ পৰিয়ালৰ , এজনক গ্ৰেপ্তাৰ

WhatsApp Image 2023 03 05 at 19.14.34

Russian Scientist Andrey Botikov :

ক’ভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্পুটনিক ভি প্রতিষেধক তৈয়াৰ কৰিছিল ৰাছিয়াই। সেই প্ৰতিষেধক আবিষ্কাৰ কৰা বিজ্ঞানী আন্দ্ৰে ব’টিকভৰ মৃতদেহ উদ্ধাৰ হ’ল তেওঁৰ বাসগৃহৰ পৰা যোৱা বৃহস্পতিবাৰে মৃতদেহ উদ্ধাৰৰ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। মৰণোত্তৰ পৰীক্ষাত পোৱা গৈছে যে আন্দ্রেক এডাল বেল্টেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছে ।

আজি বিজ্ঞানীজনক হত্যাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ ভাষ্যত বিসংগতি ধৰা পৰা বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে । ৪৭ বছৰীয়া আন্দ্ৰেই ‘গামলেয়া নেছনেল ৰিছাৰ্চ চেণ্টাৰ ফৰ ইক’লজি এণ্ড মেথমেটিক্স ত এজন গৱেষকৰূপে কাম কৰিছিল।

প্রতিবেদন অনুসৰি, আন্দ্রে উক্ত ১৮জন বিজ্ঞানীৰ অন্যতম, যিসকল 20203 স্পুটনিক ভি প্রতিষেধক প্ৰস্তুত কৰিছিল। ক’ভিড প্রতিষেধকক লৈ কাম কৰাৰ বাবে ২০২১৩ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে তেওঁ ‘অৰ্ডাৰ অৱ দ্য মেটি ফ দ্য ফাদাৰলেণ্ড বঁটাৰে সন্মানীত কৰিছিল।

তদন্তকাৰী বিষয়াই সন্দেহ কৰিছে যে অভিযুক্ত ২৯ বছৰীয়া যুৱকজনে আন্দ্রেক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ পাছত পলায়ন কৰে।

অৱশ্যে নিহত পৰিয়ালে আৰক্ষীৰ এই যুক্তি মানি ল’ব পৰা নাই। আন্দ্রেক হত্যা কৰাৰ অন্তৰালত কোনো বৃহৎ ষড়যন্ত্র আছে বুলিয়ে দাবী কৰিছে পৰিয়ালে । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বিস্তাৰিতভাৱে তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে।

Exit mobile version