Minister Atul Bora : বহিঃ ৰাজ্যৰ ব্ৰয়লাৰ মুৰ্গী, গাহৰি অসমলৈ অনাত নিষেধাজ্ঞা ৰাজ্য চৰকাৰৰ

1837dfc8 ec4d 4a35 9e84 4aeb1ae96dee

Minister Atul Bora :

দেশত এভিয়ন ফ্লু’ৰ ভয়ংকৰ সংক্ৰমণৰ বাবে আজি দিছপুৰৰ জনতা ভৱনত কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকে বহিঃ ৰাজ্যৰ মুৰ্গী, গাহৰি অসমলৈ অনাত নিষেধাজ্ঞা জাৰি কৰে ৷

অৱশ্যে অসমৰ ফাৰ্মৰ গাহৰি, মুৰ্গী বিক্ৰী আৰু খোৱাত আৰোপ কৰা হোৱা নাই কোনো বাধা বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী বৰাই কয় যে,শেহতীয়াকৈ দেশৰ কেতবোৰ অঞ্চলত এভিয়ন ফ্লু’ৰ ভয়ংকৰ সংক্ৰমণ হোৱাত ইতিমধ্যে নিধন হৈছে হেজাৰ হেজাৰ গাহৰি, ব্ৰয়লাৰ মুৰ্গী ৷

যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি তৎকালীন কাৰ্য্যকৰী হোৱাকৈ অসমলৈ ৰাজ্যৰ বাহিৰৰ পৰা ব্ৰয়লাৰ আৰু গাহৰি অনাত নিষেধাজ্ঞা জাৰি কৰে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৷ সংবাদমেলত অসম হাঁহ-কুঁকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া সহ জ্যেষ্ঠ বিষয়া বৰ্গ ৷

Exit mobile version