Pakistan : এশ সন্তানৰ পিতৃ হোৱাৰ লক্ষ্য : ৬০ বছৰত ২৬ বাৰ বিবাহ পাকিস্তানী পুৰুষৰ

download 4

Pakistan :

বিবাহ কৰাটো কোনো ব্যক্তিৰ চখ বা অভিৰুচি হ’ব পাৰে নে? একাংশ লোকে একাধিক বিবাহ কৰায়। কিন্তু এজন পুৰুষে ২৬ বাৰ বিয়া কৰোৱাৰ কথা আপুনি শুনিছে নে?

কেৱল ২৬ বাৰ বিয়া কৰোৱাই নহয়, পাকিস্তানত আছে এনে এজন ব্যক্তি যিজনৰ লক্ষ্য হৈছে এশবাৰ বিবাহ কৰোৱাৰ। বৰ্তমানে ৬০ বছৰীয়া উক্ত ব্যক্তিয়ে ২৬ বাৰ নিকাহ কৰাইছে আৰু ২২ বাৰ পত্নীক তালাক দিছে।

সম্প্রতি তেওঁ চাৰিগৰাকী পত্নীৰে বসবাস কৰিছে। এক ভিডিঅ’ সাক্ষাৎকাৰত উক্ত ব্যক্তিয়ে কয় যে বিয়া কৰোৱা তেওঁৰ এক চখ আৰু এশবাৰ বিয়া কৰাবলৈ তেওঁৰ পৰিকল্পনা আছে।

উক্ত ব্যক্তিৰ ২২ টা সন্তান আছে যদিও সন্তানৰ মাতৃ ২২ গৰাকীক তেওঁ তালাক দিছে। তালাক দিলেও প্রাক্তন পত্নীসকলক তেওঁ একোটা বাসগৃহ দিয়াৰ লগতে ভৰণ-পোষণ বহন কৰি আহিছে।

পেছাত ব্যৱসায়ী উক্ত ব্যক্তিয়ে কয় যে বৰ্তমানৰ চাৰি পত্নীকো তেওঁ তালাক দিব আৰু নতুন পাত্ৰীৰে নিকাহ কৰিব। এশবাৰ বিয়া কৰাব বিচৰা ব্যক্তিজনে এশ সন্তানৰ পিতৃত্ব অর্জনো কৰিব বিচাৰে।

সম্প্ৰতি তেওঁ বিবাহৰ বাবে কইনাৰ সন্ধান কৰিছে। ইছলাম ধৰ্মত বহু বিবাহত বাধা নথকা হেতুকে এইদৰে তালাকৰ জৰিয়তে বৰ্তমানলৈকে তেওঁ ২৬ বাৰ নিকাহ কৰালে।

ব্যক্তিজনৰ মতে, তেওঁ সম্পূর্ণ নীতি-নিয়ম পালনৰে বহুবিবাহ কৰাই আহিছে আৰু একমাত্র অভিলেখ ৰচিবলৈ এশ বিবাহৰ লগতে এশ সন্তান জন্ম দিয়াৰ পৰিকল্পনা অব্যাহত ৰাখিব।

Exit mobile version