Shilsaku Beel : শিলসাঁকো বিলৰ ভূমিত থকা ১৭ প্ৰতিষ্ঠানৰ ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে

4364cfc5 023f 4cb5 ab09 9a2d880409fe

Shilsaku Beel :

মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত থকা ১৭ টাকে প্ৰতিষ্ঠানৰ ভূমি অধিগ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ইতিমধ্যে মাৰাথন উচ্ছেদ অভিযান চলাই জি এম ডি এ-য়ে বেদখল কাৰীৰ পৰা উদ্ধাৰ কৰিছে কে’বাশ ভূমি৷

শেহতীয়াকৈ শিলসাঁকো বিলত থকা অমিয় কুমাৰ দাস ইন্সটিটিউট,জিঞ্জাৰ হোটেল,কোঁচ ৰাজবংশী সন্মিলনী,সদৌ অসম টেনিছ সন্থা, অসম সচিবালয় বিষয়াৰ আৱাসিক কলনী ,মাধ্যমিক শিক্ষক সন্থা,নেচনেল ইন্সটিটিউট অৱ টি ভি থিয়েটাৰ,টিভি চেন্টাৰ আৱাসিক কলনি,সাহিত্য সভা ভৱন,অসম যাহ শ্ৰমিক কল্যাণ পৰিষদ সহ ১৭ টা প্ৰতিষ্ঠানৰ নামত থকা ১৭৯ বিঘা ১৭ লোছা ভূমি অধিগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷প্ৰাপ্ত খবৰ অনুসৰি অধিগ্ৰহণ কৰিবলগীয়া প্ৰতিষ্ঠান সমূহে অধিগ্ৰহণৰ বিনিময়ত লাভ কৰিব উপযুক্ত ক্ষতিপূৰণ ৷

Exit mobile version