Gold : পুৰণি সোণ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছে নেকি ! পঢ়ি লওক এই প্ৰতিবেদন

gold 1668577087308 1671164811946 1671164811946 1

Gold :

এইছইউআইডি কি? এইছইউআইডি নম্বৰ বা হলমার্ক ইউনিক আইডেন্টিফিকেছন হৈছে সংখ্যা আৰু আখৰ উভয়ৰে সমন্বয়ত গঠিত ছটা অংকৰ এক সংক্ষিপ্ত ক’ড।

নতুনকৈ জাৰি কৰা নিয়ম অনুসৰি,অহা ৩১ মাৰ্চৰ পাছৰে পৰা সোণৰ গহনাৰ প্ৰতিটো আইটেমৰ বাবে সুকীয়াকৈ একোটা এইছইউআইডি নিৰ্ধাৰণ কৰা হ’ব আৰু হলমার্কিঙৰ সময়ত গহনাপদত লেজাৰেৰে ইয়াক খোদিত কৰা হ’ব।

চিনাক্তকৰণৰ বাবে, এই নম্বৰটো বিআইএছ ডাটাবেছত ৰখা হ’ব। এইছইউআইডি ভিত্তিক হলমার্কিঙত গহনা প্রস্তুতকাৰীসকলক কোনো ধৰণৰ মানৱীয় হস্তক্ষেপ অবিহনেই স্বয়ংক্রিয়ভাৱে পঞ্জীয়ন কৰিব পৰা যাব।

এইছইউআইডি নম্বৰ প্ৰৱৰ্তনৰ মূল উদ্দেশ্য হৈছে হলমার্কযুক্ত গহনাসমূহৰ অখণ্ডতা নিশ্চিত কৰা আৰু যিকোনো জালিয়াতি ধৰা পেলোৱা।

উল্লেখ্য যে ছটা সংখ্যাৰ বর্ণানুক্রমিক এইছইউআইডি কোড প্ৰৱৰ্তনৰ পূৰ্বে হলমার্কযুক্ত গহনাত চাৰিটা চিহ্ন আছিল। যেনে বিআইএছ চিহ্ন, সোণৰ বাবে কেৰেটৰ বিশুদ্ধতা আৰু সূক্ষ্মতা, পৰীক্ষা কেন্দ্ৰৰ চিনাক্তকৰণ চিহ্ন বা নম্বৰ আৰু জুৱেলাৰীৰ চিনাক্তকৰণ চিহ্ন বা নম্বৰ।

এইছইউআইডি প্ৰৱৰ্তনৰ পাছত চাৰিটা চিহ্নৰ ঠাইত তিনিটা চিহ্ন যথাক্রমে বিআইএছ চিহ্ন,কেৰেটৰ বিশুদ্ধতা আৰু সূক্ষ্মতাৰ লগতে ছয়টা অংকৰ এইছইউআইডি নম্বৰ দিয়াৰ নিয়ম কৰা হৈছে।

মনকৰিবলগীয়া, বর্তমানে সোণৰ বিশুদ্ধতা পৰীক্ষাৰ শেষত গহনাবোৰক বিআইএছ ল’গ’ আৰু বিশুদ্ধতা চিহ্নৰে চিহ্নিত কৰাৰ লগতে বিআইএছ ছাৰ্ভাৰৰ পৰা বিশেষভাৱে প্ৰতিবিধ গহনাৰ বাবে সৃষ্টি কৰা এক অনন্য এইছইউআইডি নম্বৰেৰে চিহ্নিত কৰা হয়।

এই এইছইউআইডিভিত্তিক হলমাৰ্কিঙে ইয়াৰ স’তে জড়িত সকলো পক্ষকে উপকৃত কৰে। ই গ্ৰাহকৰ অধিকাৰ সুৰক্ষিত কৰে আৰু অনিয়মৰ সম্ভাৱনাও নাইকিয়া কৰে। ইয়াৰ জৰিয়তে যিকোনো ব্যক্তিয়ে নিজৰ হাতত থকা সোণৰ গহনাবোৰক হলমার্কেৰে চিহ্নিত কৰি সঠিক মূল্যায়ন লাভ কৰিব পাৰে।

Exit mobile version