Online Medicine Banned In India:ভাৰতত শীঘ্ৰে নিষিদ্ধ হ’ব পাৰে অনলাইনত দৰৱৰ বিক্ৰী

WhatsApp Image 2023 03 15 at 13.44.49

Online Medicine Banned In India:

আজিৰ দিনত প্রায় সকলোবোৰ দৰৱ অনলাইনত ক্ৰয় কৰিব পাৰি। কিন্তু অচিৰে ভাৰতত নিষিদ্ধ হ’ব পাৰে অনলাইনত দৰৱৰ বিক্ৰী।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি, সম্প্ৰতি কে’বাজনো কেন্দ্রীয় মন্ত্ৰীয়ে অনলাইনত দৰৱৰ বিক্ৰীৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিছে।

তথ্য অনুসৰি, টাটা১ এমজি, এমেজন, ফ্লিপকার্ট, নেটমেডছ, মেডি বাড়ি, ফ্ৰেংকৰ’জ, এপলোসহ ২০ টা ই-কমার্চ প্রতিষ্ঠানক ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে ড্রাগ কণ্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াই।

কিন্তু কিয় এইসমূহ দৰৱ বিক্রেতা অনলাইন প্রতিষ্ঠানক জবাবদিহি কৰিলে চৰকাৰে? প্রকাশিত বাতৰি অনুসৰি অনলাইনত দৰৱ বিক্ৰীৰ বাবে কোনো পৃথক অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নোহোৱাত দৰৱৰ গুণগত মানদণ্ডক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

গ্ৰাহকৰ বাবে এই দিশটো অতি বিপজ্জনক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ডিচিজিআয়ে অনলাইন দৰৱ বিক্রেতা প্রতিষ্ঠানলৈ জাননী জাৰি কৰিলে ৷

Exit mobile version