Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ULFA(I) : সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ’সৈনিক দিৱস’ উপলক্ষে বিদ্ৰোহী সংগঠনটোৰ সভাপতি তথা সেনাপ্রধান পৰেশ অসমৰ বক্তব্য

publisher by publisher
March 16, 2023
in News, Assam
Reading Time: 2 mins read
0
3
SHARES
33
VIEWS
ShareShareShareShare

ULFA(I) :

ADVERTISEMENT

আজি “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)”ৰ সৈনিক দিৱস’ উপলক্ষ্যত বিদ্ৰোহী সংগঠনটোৰ সভাপতি তথা সেনাপ্রধান পৰেশ অসমে এক বিবৃতিত কয় যে, এই পৱিত্ৰ দিনটোত প্ৰথমে দেশমাতৃক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ ‘সম্মিলিত সশস্ত্র জাতীয় মুক্তি বিপ্লৱ’ত অতন্দ্ৰ প্ৰহৰী হিচাপে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী জ্যেষ্ঠ-কণিষ্ঠ সহযোদ্ধালৈ বৈপ্লৱিক অভিনন্দন আৰু সামৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

মুক্তি বিপ্লৱত প্ৰাণাহুতি দিয়া অসমী আইৰ শ্ৰেষ্ঠ সন্তানসকলৰ নাম যিদৰে ৰক্তৰঞ্জিত বুৰঞ্জীত সোণোৱালী আখৰেৰে লিখা থাকিব; ঠিক সেইদৰে আমাৰ অন্তৰত তেওঁলোকৰ বীৰোচিত সর্বোচ্চ ত্যাগ আৰু নিভাঁজ দেশপ্রেম চিৰজ্যোতিষ্মান হৈ আছে।

এই ক্ষণত সংগঠনৰ হৈ সেইসকল ‘অমৰ মৃতক’ক শ্রদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আপোনজনক হেৰুৱা গৌৰৱাম্বিত পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গক আমাৰ বেদনাসিক্ত সমবেদনা জনালোঁ। এই সুবাদতে সশস্ত্র বিপ্লৱৰ দীঘলীয়া পথ পৰিক্ৰমাত ভাৰতীয় দখলদাৰী বাহিনীৰ দ্বাৰা নিৰ্যাতিত হোৱা আৰু অসমৰ বিভিন্ন কাৰাগাৰত যিসকল মুক্তিকামী জনগণ আজিকোপতি বন্দীত্বৰ জীৱন অতিবাহিত কৰিছে, তেওঁলোকৰ অমূল্য ত্যাগ তথা বৰঙণিৰ বাবে সংগঠন চিৰকৃতজ্ঞ।

লগতে জাতীয় মুক্তি বিপ্লৱৰ এই গৌৰৱোজ্জ্বল মূহুৰ্তত উপনীত হোৱাৰ ক্ষেত্ৰত মুক্তিকামী জনগণৰ অৰিহণা অনস্বীকার্য; তেওঁলোক সকলোলৈকে সশ্রদ্ধ বৈপ্লৱিক সম্ভাষণ যাচিছোঁ। বছৰজোৰা কৰ্মব্যস্ততাত নিমজ্জিত আমাৰ স্বাধীনতা সেনানীৰ বাবে আজি আত্মোপলব্ধিৰ দিন। বিগত ঘটনাবহুল বছৰটোত আমি প্ৰত্যেকেই প্ৰত্যক্ষ কৰিছোঁ; ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰযন্ত্ৰই তেওঁলোকৰ প্ৰশিক্ষিত গুপ্তচৰ সংগঠনৰ ভিতৰলৈ প্ৰক্ষেপ কৰিবলৈ সক্ষম হ’ল।

তদুপৰি আমাৰ মাজৰে দুই-চাৰি জ্যেষ্ঠ-কণিষ্ঠ সদস্যই কাপুৰুষোচিতভাৱে পলায়ন কৰি সংগঠনত কালিমা সানিলে। এইটো নিশ্চিত যে অসম বুৰঞ্জীৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত সম্মিলিত সশস্ত্র জাতীয় মুক্তি বিপ্লৱ শত্ৰুৰ প্রক্ষেপিত চোৰাংচোৱা আৰু একাংশৰ পলায়নবাদী মানসিকতাই নিঃশেষ কৰিব নোৱাৰে।

কিন্তু দ্বিধাহীনভাৱে কওঁ- এনে কাৰ্য অত্যন্ত অবাঞ্ছিত আৰু অগ্ৰগতিত সাময়িক বাধাগ্ৰস্ত হোৱাৰ উপৰিও যুগজয়ী জাতিৰ বাবে পীড়াদায়ক। হয়তো এতিয়াও তাৰ কণ-কঠীয়া সমুলঞ্চে নির্মূল হৈছে বুলি ভবা সমীচীন নহ’ব। কিয়নো ভাৰতীয় দখলদাৰী শত্ৰুৰ নিত্য নতুন কৌশল তথা একাংশ দুর্বলচিতীয়া সদস্যই এনে তৎপৰতা অব্যাহত ৰাখিব পাৰে।

কাৰণ মানৱ মনৰ গতিশীল অৱস্থাক বিভিন্ন কাৰকে জ্ঞাতে-অজ্ঞাতে ভিন্ন বেশ-ভূষণত প্ৰভাৱান্বিত অথবা প্রলুব্ধ কৰাটো এক মানৱীয় দুর্বলতা। গতিকে সংবেদনশীল বিষয়বোৰৰ ক্ষেত্ৰত পূৰ্বৰ সঞ্চিত অভিজ্ঞতাৰ পৰা আৰ্জিত শিক্ষাই হ’ব উপযুক্ত কৰণীয়। সংগঠনৰ ভাবমূৰ্ত্তি উজ্জ্বল কৰি ৰখাৰ মহান স্বাৰ্থত অভ্যন্তৰত প্ৰতিবিপ্লৱী সৃষ্টিৰ উপাদানবোৰ চিনাক্ত কৰি তাৰ প্ৰতিকাৰৰ নিমিত্তে প্ৰত্যেকৰ ওপৰত ন্যস্ত থকা স্ব- আৰোপিত দায়িত্বত অৱহেলা নকৰি মাউখে পূৰ্বতকৈ অধিক সচেতন-সজাগ হোৱাৰ আহ্বান জনাইছোঁ।

পৰেশ অসমে আৰু কয় যে, প্রিয় সহযোদ্ধাসকল, মুক্তি বিপ্লৱৰ অবিৰত গতি ত্বৰান্বিত কৰাত আপোনালোকৰ কষ্টোপার্জিত কৃতকার্যতা, উল্লেখনীয় অৱদানৰ বাবে সংগঠন সদায় গৌৰৱান্বিত। বিশ্বৰ ভূ-ৰাজনীতি আৰু সাম্প্ৰতিক পৰিৱৰ্তিত পৰিস্থিতিত এই কথা সূর্যোদয়ৰ দৰে সত্য যে- “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ প্ৰতিগৰাকী স্বাধীনতা সেনানীৰ নির্ভেজাল নেতৃত্ব, উদ্ভাৱনী চেতনালব্ধ কর্মপদ্ধতিৰ নিৰন্তৰ ব্যৱহাৰিক প্ৰয়াসৰ ওপৰতে নিৰ্ভৰ কৰিছে শতিকাজোৰা পৰাধীন থলগিৰি জাতি-জনগোষ্ঠীয়ে বিশ্বসভাত মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ তথা নৱ-প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যৎ।

সেয়ে নীতিত ভৰ দি পাগত উঠা তীখাৰ দৰে মনৰ দৃঢ়তা শানিত কৰি গঢ়ি তোলাৰ গত্যন্তৰ নাই। দৰাচলতে যুদ্ধবাজ ৰাষ্ট্ৰৰ বৃহৎ শক্তিৰ বিৰুদ্ধে অবদমিত জাতিয়ে যেতিয়া প্ৰতিৰোধী সশস্ত্র বিপ্লৱত অৱতীর্ণ হয়, তেতিয়া স্বাভাৱিকতে ক্ষুদ্ৰ বিপ্লৱী বাহিনীৰ মুক্তি সেনানীসকলে ৰাজনৈতিক কৰ্তব্য সাধনৰ স্বাৰ্থত উন্নত সৈনিক সংস্কৃতি আৰু ৰণকৌশলৰ উপযুক্ত প্রয়োগেহে সফলতাৰ প্ৰধান চাবিকাঠী।

পৃথিৱীৰ সকলো পৰাধীন জাতিৰ মুক্তিপ্ৰাপ্তিৰ ইতিহাসৰ লগত সৈনিক সংস্কৃতি অভিন্ন ৰূপত সংপৃক্ত। ঔপনিৱেশিক ৰাষ্ট্ৰশক্তিয়ে যেতিয়া ৰাজনৈতিক সংঘাত ৰাজনৈতিকভাৱে মীমাংসাৰ পৰিৱৰ্তে অন্যায় যুদ্ধ জাপি দিয়ে; তেতিয়া অৱধাৰিতভাৱে সৈনিক সংস্কৃতি সকলো সংস্কৃতিতকৈ গুৰুত্বপূৰ্ণ হৈ পৰে। ই মুক্তি বিপ্লৱীসকলৰ জীৱন পদ্ধতি, যিয়ে বিপ্লৱী জীৱনৰ সমগ্ৰ পদ্ধতিকে আঁকোৱালি লয়।

নিয়মিত কঠোৰ অনুশীলনৰ জৰিয়তে ইয়াৰ সংবর্ধনৰ বাবে অহোপুৰুষাৰ্থ কৰিবই লাগিব। কিয়নো কঠোৰ অনুশাসন অবিহনে বিপ্লৱী নৈতিকতা ঠন ধৰি উঠিব নোৱাৰে। কঠোৰ অনুশাসন মানে অশোভনীয় আচৰণ বা অনৈতিক বাক্যবাণ নহয়; প্রয়োজনীয় ইতিবাচক মূল্যায়নেৰে দিহা-পৰামৰ্শ[Counselling] হোৱাটো অতিকৈ বাঞ্ছনীয়। এইক্ষেত্ৰত সকলো পর্যায়তে সাংবিধানিক আদৰ্শ আচৰণবিধিৰ উপযুক্ত প্ৰয়োগ আন্তৰিকতাৰে কামনা কৰিম।

জ্যেষ্ঠসকলৰ আচাৰ-আচৰণ আৰু কৰ্মোদ্যমে অহৰ্নিশে কণিষ্ঠ সতীর্থক বিমুগ্ধ তথা আকৰ্ষণ কৰে; যি কাৰ্য অগ্ৰজ সকলে নিজে কৰি গৈছে আৰু সেইসমূহৰে অভিজ্ঞতাপুষ্ট হৈ কণিষ্ঠ সকলৰ পথপ্ৰদৰ্শক হোৱাটো কাম্য । ইয়াৰোপৰি তেনে কাৰ্য্য সিদ্ধি হোৱাত এশ শতাংশই নিশ্চয়তা থাকে। য’ত উপদেশতকৈ আৰ্হি শ্রেয়- আপ্তবাক্যশাৰী প্ৰণিধানযোগ্য।

উক্ত আপ্তবাক্যশাৰীৰ স’তে নিমর্জিত অৰ্থ প্ৰতিগৰাকী বিষয়া/নেতাই হৃদয়ংগম কৰাৰ প্ৰয়োজন আহি পৰিছে । ইয়াৰ বিপৰীতে যদি আমি খোজ দিবলৈ যাওঁ তেন্তে সেয়াও এক প্ৰকাৰ উদাসীনতা; যিটো সবল বিপ্লৱী নৈতিকতাৰ পৰিপন্থী। আমি যে মহান আদর্শত বিশ্বাসী গণসৈনিক সেই কথা আচাৰ আচৰণ আৰু বিনয়ী ব্যক্তিত্বৰ মাজত প্ৰতিফলিত হ’ব লাগিব।

পৰেশ অসমে বিবৃত্তিটোত কয়,প্রখ্যাত সমৰবিদ চাইন জু[SUN TZU]ৰ গ্ৰন্থ[THE ART OF WAR]ত সৈনিক আৰু বিষয়া সম্বন্ধীয় অতি প্ৰাসংগিক উক্তি উল্লেখ কৰিব বিচাৰিছোঁ (১) সাধাৰণ সৈনিকসকল যেতিয়া অতিশয় শক্তিশালী আৰু তেওঁলোকৰ বিষয়াসকল অতি দুর্বল হয়, তেতিয়া তাৰ ফল হ’ল অবাধ্য [When the common soldiers are too strong and their officers too weak, the results is INSUBORDINATION] অন্যহাতে, (২) যেতিয়া বিষয়াসকল অতি শক্তিশালী আৰু সাধাৰণ সৈনিকসকল দুৰ্বল, তেতিয়া তাৰ ফল হয় পতন [When the officers too strong and the common soldiers to weak, the result is COLLAPSE]। এই গুৰুত্বপূৰ্ণ উক্তিৰ সাৰমৰ্মক সম্ভলিত ৰূপত আগবঢ়াই নিবলৈ হ’লে অনাগত দিনত শিবিৰবিলাকত যথোচিত কর্মসূচী আধাৰিত অনুশীলনেহে কান্ধত কান্ধ মিলাই ঈপ্সিত লক্ষ্যৰ দিশে ধাৱমান হোৱাত দিশ-নির্দেশনা দিব।

আমাৰ সতীৰ্থসকলে অহৰ্নিশে মনত ৰাখিব লাগিব যে কেৱল মাত্ৰ সৈনিকৰ সংখ্যা কিম্বা অত্যাধুনিক অস্ত্রশক্তিয়ে একোটা গেৰিলা বাহিনীক শক্তিশালী নকৰে। তাৰ বিপৰীতে নিজৰ বিচক্ষণতা, ভৌগোলিক পৰিৱেশ-পৰিস্থিতিৰ নির্মোহ বিশ্লেষণ আৰু আৰ যুদ্ধ কৌশলৰ উপযুক্ত প্ৰয়োগ কৰি সংকটক সুযোগলৈ ৰূপান্তৰেৰে ৰণ জয় কৰা সম্ভৱ।

এইক্ষেত্ৰত অসম বুৰঞ্জীত উল্লেখিত অসমীয়া সেনাৰ দেশপ্ৰেম, অসাধাৰণ নেতৃত্বৰে সুসংগঠিত সেনাবাহিনী, সাহস আৰু মনস্তাত্ত্বিক যুদ্ধ কৌশলৰ প্ৰেৰণাদায়ক চানেকীৰ বিষয় এটা উনুকিয়ালে ভাল হ’ব বুলি ভাবিছোঁ— যুদ্ধৰ আগমূহুৰ্তত মোগল সেনাপতি ৰামসিংহই যেতিয়া প্ৰতিপক্ষৰ সৈন্যদলৰ শক্তিৰ পৰীক্ষা ল’বলৈ দূতৰ হাতত এটোপোলা আফু গুটি লাচিত বৰফুকনলৈ পঠাইছিল।

ইয়াৰ অৰ্থ আছিল যেনেদৰে আফু গুটি গণিব পৰা নাযায় তেনেদৰে ৰামসিংহৰ সৈন্যৰ সংখ্যা অগণিত; অর্থাৎ অজেয় এক বিশাল সৈন্য বাহিনী। তেতিয়া সেনাপতি লাচিত বৰফুকনে ভীতিগ্ৰস্ত নহৈ বৰং ইয়াৰ প্ৰত্যুত্তৰত এচুঙা বালিৰে সৈতে এখন পটা পঠিয়াই দিছিল।

ইয়াৰ অৰ্থ অসমীয়া সেনা ইমানেই শক্তিশালী যে বালি যেনেকৈ পটাত পিহিব নোৱাৰি, তেনেদৰে দেশপ্ৰেমত উতলা অসমীয়া সেনাকো পৰাজিত কৰা অসম্ভৱ। কিন্তু আফু গুটি পটাত পিহি গুড়ি কৰিব পৰা যায়। যাৰ অৰ্থ ৰণাংগনত বিজয় সাব্যস্ত কৰিবলৈ সামৰিক শক্তিতকৈ মনস্তাত্ত্বিক চল-চাতুৰীৰ উপৰি ৰণকৌশলৰ অতি আৱশ্যক; যি কথাৰ গূঢ়াৰ্থ আমাৰ জ্যেষ্ঠ বিষয়া সেনানীসকলে অনুধাৱন কৰিব পাৰিব লাগিব ।

তেওঁ আৰু কয়,এই আপাহতে প্ৰাসংগিক বিষয় এটা সোঁৱৰাই দিব বিচাৰিছোঁ- শিবিৰ অথবা সশস্ত্ৰ কাৰ্যসূচী ৰূপায়নৰ সময়ত নিজ গোটৰ সদস্যৰ উদ্দীপনা আৰু মনোবল বৃদ্ধি কৰাটো প্ৰশাসক আৰু পৰিচালকসকলৰ অন্যতম দায়িত্ব। এনে পৰিপ্ৰেক্ষিতত সহযোগী সহযোদ্ধাৰো সক্ৰিয় সহযোগিতা তথা অফুৰন্ত উৎসাহ সমানে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত।

মত আৰু মননৰ প্ৰভেদবোৰ উপযুক্ত পৰিৱেশত, তথ্যসমৃদ্ধ যুক্তিৰ আধাৰত, শৃংখলাবদ্ধ উপস্থাপনৰ মাধ্যমেৰে মীমাংসা কৰি সাংগঠনিক ঐক্য উচ্চস্তৰলৈ উৎকৰ্ষ সাধনত মনোনিবেশ কৰিলেহে জাতিৰ মুক্তিৰ পথ প্ৰশস্ত হ’ব। গাইগুটীয়া জীৱন যাপনৰ অলীক সপোন স্থিতাৱস্থাবাদী সমাজৰহে বৈশিষ্ট্য; প্রকৃত বিপ্লৱীৰ নহয়।

স্বদেশ প্রেমত অনুপ্ৰাণিত হৈ প্ৰতিৰোধী সশস্ত্র বিপ্লৱী ৰাজনীতিত বিশ্বাসী সংগঠন এটাৰ উজ্জীৱিত দেহ-মনৰ গৰাকী প্ৰতিজন স্বাধীনতা সেনানীৰ দায়বদ্ধতাৰ দিশটো বাস্তৱায়নত দৈন্যতা থাকিলে সংগঠনৰ ভিতৰত ঐক্যৰ এনাজৰীডাল সুদৃঢ় নহ’ব। বিশেষকৈ অতীতৰ অন্বেষণমূলক নির্মোহ পৰ্যালোচনাই ভৱিষ্যৎ দিনৰ গুৰুদায়িত্ব সফলতাৰে পালনত পথ প্রশস্ত কৰিব বুলি ভাবোঁ।

উল্লেখ্য যে সততাৰ পৰা বিশ্বাস ওপজে, অগাধ বিশ্বাসৰ ভেটিত গঢ় লয় সু-গভীৰ সম্পৰ্ক আৰু সু-সম্পর্কই সহযোগিতাৰ নতুন দিগন্তৰ সৃষ্টি কৰি লক্ষ্যক চূড়ান্ত শিখৰত উপৱিষ্ট কৰিব পাৰে। ইতিমধ্যে সংগঠনে সন্মুখীন হোৱা আৰু ভৱিষ্যতে হ’ব পৰা সংকটকালীন সময়ছোৱাত একগোট হৈ কাম কৰাৰ নিমিত্তে এই দিৱসতে আমি পুনৰ সংকল্পবদ্ধ হ’ব লাগিব ।

পৰেশ অসমে সংগঠনটোৰ সতীৰ্থ সকলক উদ্দেশ্যি কয়,প্রিয় সহযোদ্ধাসকল, মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ইতিহাস সংগ্রাম-সংঘাতৰ ঘটনাবহুলতাৰে সমৃদ্ধ। সংগ্রামহীন জীৱনবোধ অলীক কল্পনা মাথোঁ। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱে গীতত গাইছিল— ‘সংগ্ৰাম আন এটি নাম জীৱনৰে, ইতিহাসে চিয়ঁৰে জয় জনতাৰে’। মুক্তি সেনানীৰ জীৱন শৈলীও বৈচিত্ৰ্য আৰু জটিলতাৰে পৰিপূৰ্ণ।

গতিকে জাতিৰ জন্মগত অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ মনৰ দৃঢ়তা আৰু স্থিৰতা[(Determination and consistency)ৰ বাবে বিপ্লৱী নৈতিকতাৰ শক্তিশালী ভেটি নিজস্ব সাধনাৰে নিৰ্মাণ কৰি সংগঠনৰ সত্তাক নিজৰ হৃদয়ত সামৰি-সুতৰি ল’ব পাৰিবই লাগিব।

নহ’লে ভোগবাদী সমাজ ব্যৱস্থাই কঢ়িয়াই অনা বিলাসী জীৱনৰ পাছত দৌৰি স্বাধীনতা ন্যায্যতাৰ যৌক্তিকতা আৰু সশস্ত্ৰ পথৰ নিৰ্ভুল বাস্তৱতাক উপেক্ষা কৰি অৱক্ষয় সমাজত চানি ধৰা সামাজিক ব্যাধিবোৰে সন্তর্পণে আগবাঢ়িব তাক টলকিবই নোৱাৰিব! এইটো নিশ্চিত যে ইচ্ছা শক্তিৰ সৈতে কর্মোদ্যম, আত্মবিশ্বাস আৰু যোগাত্মক চিন্তা-ভাবনা একিভূত হ’লেহে অন্তৰদ্বন্দ্বৰ অৱসান ঘটাব পাৰে।

গতিকে সফলতা আঁজুৰি আনিবলৈ মনৰ এলাহ, শৰীৰৰ জড়তা ইত্যাদি পশ্চাদমুখি অপশক্তিৰ বিৰুদ্ধে সাধাৰণ শত্ৰুৰ সমান্তৰালকৈ নিজৰ ভিতৰত আন এখন যুঁজৰ আৱশ্যক আছে; এই গধূৰ দায়িত্ব প্ৰতিগৰাকী অকুতোভয় সৈনিকে কান্ধপাতি লৈ আগবাঢ়িব লাগিব। কিয়নো যৌৱনৰ অতিশয় গুৰুত্বপূৰ্ণ সময়খিনিত মৰণক আওকাণ কৰি সামৰিক প্ৰশিক্ষণৰ জৰিয়তে বিশেষ কিছুমান নিয়ম-শৃংখলাৰে পৰিশীলিত জীৱনবোধক সংগী হিচাপে ল’ব লগা হয়।

আমাৰ সতীৰ্থসকলে জনাটো খুবেই প্রয়োজন যে সফলতা আকস্মিক নহয়; ই হৈছে ধৈৰ্য্য, কঠোৰ পৰিশ্ৰম, কষ্টসহিষ্ণুতা, অধ্যাৱসায়, বস্তুনিষ্ঠ অধ্যয়ন, ত্যাগ আদি বিশেষ গুণাৱলীৰ সমাহাৰ; সর্বোপৰি আপুনি যি কৰি আছে অথবা যি লক্ষ্যপ্ৰাপ্তিৰ উদ্দেশ্যে ধাৱমান হৈছে তাৰ প্ৰতি নিবিড় অনুৰাগ।

এয়া বিপ্লৱীৰ চৰিত্ৰগত ঐতিহ্য আৰু অলংকাৰ স্বৰূপ; দীৰ্ঘম্যাদী মুক্তি বিপ্লৱত নান্দনিক সৈনিক সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে পথৰ শুদ্ধতাৰ ওপৰত অটল বিশ্বাস আৰু কাৰ্যক্ৰমনত নিষ্ঠা জন্মাই। ইয়ে মর্মন্তুদ মূহুৰ্তবোৰতো নীতিত অবিচল থাকিবলৈ শিকায়। ইয়াৰ বিমল অনুভূতিয়ে অন্তৰৰ নিভৃত কোণত উদ্দেশ্যমুখী যাত্ৰাক প্ৰাণময় কৰি তোলে৷ যিহেতু প্ৰতিৰোধী বিপ্লৱী সত্তা সদায় ‘Trial and error’ পদ্ধতিৰে অগ্ৰসৰ হয়। আমাৰ সংগঠনো ইয়াৰ ব্যতিক্রম নহয়।

বৈপ্লৱিক কাৰ্যপন্থা সঠিক পথত থাকিলে মুক্তিকামী জনগণ উৎসাহিত হয় আৰু ত্রুটিপূৰ্ণ হ’লে স্নান পৰে। সেয়েহে ব্যৱহাৰিক অভিজ্ঞতাই পৰৱৰ্তী সময়ত সফলতা আনে। যিদৰে শিশুৱে প্ৰাৰম্ভণিতে খোজ কাঢ়িবলৈ লওঁতে প্ৰতিবাৰে বাগৰি পৰে। এই বাগৰি পৰাটো শিশুৰ অভিজ্ঞতা, ব্যর্থতা নহয়। এই অভিজ্ঞতাই পৰৱৰ্তী সময়ত শিশুক খোজ কঢ়াৰ সবল ভেটি গঢ়ে।

‘সৈনিক দিৱস’ অসম সন্তানৰ শৌর্য-বীর্য, ঐতিহ্য-গৰিমাৰে উদ্ভাসিত বিশ্ববৰেণ্য জাতিৰ বুৰঞ্জীপ্ৰসিদ্ধ হৃত স্বাধীনতা পুনঃ প্ৰতিষ্ঠাৰ হকে অবিৰত সন্মিলিত সশস্ত্র জাতীয় মুক্তি বিপ্লৱত ‘অমৰ মৃতক’ৰ স্মৃতি বিজড়িত অতুলনীয় ত্যাগ তথা মুক্তিকামী জনগণৰ অমূল্য অৱদান; লগতে স্বাধীনতা সেনানীৰ নিভাঁজ স্বদেশ প্রেম, লক্ষ্যত স্থিতপ্রজ্ঞ আৰু কঠোৰ সামৰিক সংস্কৃতিৰ অনুশীলনৰ জৰিয়তে আমৃত্যু পর্যন্ত উদ্দেশ্যত সমাহিত হৈ উৎসর্গিত প্ৰাণ-পণে সেৱামূলক দায়িত্ব-কর্তব্য অনুধারনতহে মহত্ত্ব নিহিত আছে।

সেয়ে সীমাহীন ঘাত-প্রতিঘাত নেওচি প্রতিনিয়ত প্ৰেৰণাৰ অনুপম নিদৰ্শন আৰু কৰ্তব্যবোধৰ সদাজাগ্ৰত সৈনিক হিচাপে প্ৰত্যেকে প্রত্যেকৰ দায়িত্বশীল ভূমিকাপালনত নতুন উদ্যমেৰে ব্ৰতী হওক। ভাৰতৰ দখলদাৰী বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধী যুঁজত যাতে আমাৰ প্ৰতিগৰাকী বিষয়া-সদস্য জুইয়ে পোৰা সোণ হৈ জিলিকি উঠে; আমি নিশ্চিত যে এদিন নহয় এদিন আমি সফল হমেই। স্বাধীনতা অৰ্জ্জুনৰ তেনে মহান সংকল্পবদ্ধতাৰে বক্তব্যৰ সামৰণি মাৰিছোঁ।

সদৌ শেষত সংগঠনৰ প্ৰতিগৰাকী জ্যেষ্ঠ-কণিষ্ঠ সৈনিক সহযোদ্ধাৰ নিৰাপদ আৰু সৰ্বতোপ্ৰকাৰ কুশল কামনা কৰে আলফা স্বাধীনৰ সেনা প্ৰধান গৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamULFA
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d