Assam Bjp Pressmeet :জনতাই জনার্দন,নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি: ভৱেশ কলিতা

WhatsApp Image 2023 03 17 at 19.10.12

Assam Bjp Pressmeet:

অসমৰ জাতি-জনগোষ্ঠীৰ সম বিকাশ আৰু সম উন্নয়নৰ তথা ৰাইজৰ আশা-আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে অসম বিধানসভাৰ সদনৰ মজিয়াত বিত্তমন্ত্রী অজন্তা নেওগে ২০২৩-২৪ বৰ্ষৰ ৰাজ্য চৰকাৰে বাজেট দাখিল কৰে।

উক্ত বাজেটক সমর্থন জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে।

সংবাদমেলত কলিতাই বাজেটক আদৰণি জনাই ক “জনতাই জনার্দন, নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি” এই মূল মন্ত্ৰৰে ২০২৩-২৪ বৰ্ষৰ জনমুখী বাজেটে সমাজৰ সকলো স্তৰৰ ৰাইজৰ আশা-আকাংক্ষাক সামৰি লৈছে।

অনাগত দিনত ৰাজ্যৰ ৩ কোটি ৪৫ লাখ ব্যক্তিৰ আশা-আকাংক্ষাক সফলভাবে বাস্তৱৰূপ প্ৰদান কৰিবলৈ এই বাজেটে এক শক্তিশালী – গতিশীল ভূমিকা গ্ৰহণ কৰিব।

বাজেটত গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি, মুখ্যমন্ত্রী লঘু উদ্যোগ আঁচনি, মুখ্যমন্ত্রী এম এছ এম ই গাণ ৰেহাই আচনি, প্ৰতিখন নগৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নীতকৰণৰ বাবে ৩০০০ কিলোমিটাৰ নতুন পথ নির্মাণ, স্বাস্থ্য সেৱা দ্ৰুত উন্নয়ন, মহিলা সৱলীকৰণৰ বাবে পদক্ষেপ, প্রজ্ঞান ভাৰতী আচনি, চাহ জনজাতিৰ কল্যাণৰ বাবে লোৱা পদক্ষেপ সমূহে নিশ্চিতভাৱে ৰাজ্যৰ সকলো জনসাধাৰণক উপকৃত কৰিব।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰখনে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে যি মহান উদ্দেশ্য আগত লৈ নিৰন্তৰে কৰ্মৰাজি চলাই আহিছে তাবেই এক গুৰুত্বপূৰ্ণ দিশ প্ৰতিফলিত হৈছে। ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয়, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটখনে অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান প্ৰদান কৰিব বুলি দৃঢ়বিশ্বাসী।

অসমবাসীক এখন সর্বাঙ্গসুন্দৰ বাজেট উপহাৰ দিয়াৰ বাবে ৰাজ্যিক সভাপতি গৰাকীয়ে আজি সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্রী অজন্তা নেওগক ধন্যবাদ জনায়। বাজট খনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্য অনাগত সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ সকলে নিজ নিজ সমষ্টিত সংবাদ মেল সম্বোধন কৰিব।

আনহাতে ৰাজ্যিক মুখপাত্র, পেনেলিষ্ট সকলে ৩৯ সাংগঠনিক জিলাতে জিলা সভাপতিৰ উপস্থিতিত মণ্ডল আৰু বুথ পৰ্যায়ত বাজেট সন্দৰ্ভত দলীয় কৰ্মী সকলৰ সৈতে চৰ্চা কৰিব বুলি ভবেশ কলিতাই  মন্তব্য প্রকাশ কৰে।

ৰাজ্যিক বিজেপিৰ অনাগত কাৰ্যসূচীৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কলিতাই কয় যে অহা ৬ এপ্ৰিলত সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিবস আয়োজন কৰা হ’ব।

তদুপলক্ষে দলৰ বুথ সভাপতিৰ পৰা আৰম্ভ কৰি শক্তিকেন্দ্র আহ্বায়ক, মণ্ডল, জিলা তথ্য ৰাজ্যিকৰ সমূহ বিষয়-বৰীয়া, কার্যনির্বাহক সদস্য তথ্য মৰ্চাৰ বিষয়ববীয়াসকলে নিজ নিজ বাসগৃহত দলীয় পতাকা উত্তোলন কৰিব।

আনহাতে দলৰ ৪৪ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে প্ৰতিটো বুথৰ বিভিন্ন স্থানত সৰ্বমুঠ ৪৪ জোপা গছপুলি ৰোপণ কৰিব।

একেদৰে অহা ৩০ এপ্রিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাতে’ ১০০ টা খণ্ড সম্পূৰ্ণ কৰিব। দলৰ প্ৰতিটো বুথতে উক্ত অনুষ্ঠান আড়ম্বৰপূৰ্ণভাবে আয়োজন কৰা হ’ব।

আজিৰ সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্র পংকজ বৰবৰাৰ লগতে সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল।

Exit mobile version