Assamese Question Paper leak:অসমীয়াৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে বাতিল পৰীক্ষা !

টুইট কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ,অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব এক এপ্ৰিলত

WhatsApp Image 2023 03 17 at 12.54.07 1

Assamese Question Paper leak:

ছেবাৰ চৰম অকমন্যতা আৰু অৰাজকতাৰ বাবেই ইটোৰ পাছত সিটোকৈ চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সৃষ্টি হৈছে অঘটন ৷ছেবা আৰু শিক্ষা বিভাগৰ নানান বেমেজালিৰ বাবে এক অনিশ্চিত ভৱিষ্যতলৈ গতি কৰিছে মেধাৱী শিক্ষাৰ্থী ৷

পৰীক্ষা আৰম্ভণিৰ পাছতেই কাছাৰত ইংৰাজী প্ৰশ্নকাকত ফাদিল ৷ তাৰ পাছত একাদিক্ৰমে গণিত,বিজ্ঞান আৰু শেহতীয়াকৈ অসমীয়া প্ৰশ্নকাকত ফাদিল হয় ৷

অসমীয়াৰ প্ৰশ্নকাকত ফাদিলৰ পাছতেই মুখ্যমন্ত্ৰী?ড:হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি পৰীক্ষা বাতিলৰ ঘোষণা কৰে৷
মুখ্যমন্ত্ৰী গৰাকীয়ে নতুনকৈ অসমীয়া পৰীক্ষাৰ দিন ধাৰ্য কৰাৰ নিৰ্দেশ দিয়ে।

প্ৰাপ্ত খবৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি লৈ ছেবাক পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নতুনকৈ দিন ধাৰ্য কৰিবলৈ পৰামৰ্শ দিয়ে ৷

মনকৰিবলগীয়া যে, প্ৰশ্নকাকত ফাদিল কাণ্ডত ইতিমধ্যে চিবিআইৰ জালত পৰা প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড শিক্ষক প্রণৱ দত্তই আৰক্ষীৰ মাৰাথন জেৰাত বহু বিস্ফোৰক তথ্য সদৰি কৰিছে৷ ৷

ধৃত প্রণৱ দত্তই যোৱা নিশা মাজুলীৰ পৰা খাবলু ঘাটেৰে পলাবলৈ লওতেই আৰক্ষীৰ জালত পৰে।

লখিমপুৰৰ লুইত খাবলুৰ কেন্দ্রৰ তত্বাৱধায়ক প্রণৱ দত্তক আজি লখিমপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল প্রণৱ দত্তক। জেৰাত পাছতে প্রশ্নকাকত ফাদিলৰ তথ্য পোহৰলৈ আহে ।

স্মতৰ্ৱ্য যে,প্ৰশ্নকাকত ফাদিলত জড়িত প্ৰণৱ দত্তৰ অন্যতম সহযোগী কুমুদ ৰাজখোৱা পলাতক। দুই কুখ্যাত শিক্ষকক নিলম্বনৰ সিদ্ধান্ত লখিমপুৰ স্কুলসমূহৰ পৰিদৰ্শকৰ ৷

আনহাতে,শেহতীয়া খবৰ অনুসৰি বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব এক এপ্ৰিলত ৷ উল্লেখ্য যে, পুনৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে মাতৃভাষা বিষয়ৰ সকলো পৰীক্ষা বাতিলৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

মাতৃভাষা বিষয়ৰ পৰীক্ষা আছিল ১৮ মাৰ্চত ৷ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে আজি প্ৰকাশ কৰা মতে কৰা এক এপ্ৰিলৰ দিনা পুৱা নবজাত অনুষ্ঠিত হ’ব অসমীয়া সহ আন মাতৃভাষা বিষয়ৰ পৰীক্ষা ৷
শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে টুইটযোগে সদৰী কৰিলে ১ এপ্ৰিলত অসমীয়া পৰীক্ষা অনুষ্ঠিতৰ বিষয়ে ৷

Exit mobile version