Pathshala :
পুৰণ ভৱানীপুৰস্থিত ঐতিহাসিক শ্ৰীশ্ৰী গোপালদেৱ আতাৰ স্থাপিত সত্ৰত যোৱা নিশা সংঘটিত হোৱা এক চুৰিকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে- পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে সংঘটিত চুৰিকাণ্ড সন্দৰ্ভত আজি সৰুপেটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।
মাজনিশা চোৰে সত্ৰখনৰ মণিকূটৰ প্ৰথম লোহাৰ গ্ৰীলৰ দৰ্জাখনৰ তলা ভাঙি মণিকূটৰ ভিতৰত প্ৰৱেশ কৰি মণিকূটৰ ভিতৰত থকা দুটাকৈ পকী আলমিৰাৰ তলা ভাঙি তাত থকা পাঁচখন ডাঙৰ পিতলৰ শৰাই,পিতলৰ ডাঙৰ গাছা দুখনৰ লগতে পাঁচশ বছৰ পূৰ্বৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ দিনৰ ডাঙৰ এটা পিতলৰ কলহ আৰু এখন ডাঙৰ বৰকাহ চুৰি কৰি লৈ যায়।
তদুপৰি সত্ৰখনৰ ৰান্ধনী ঘৰ তথা ভোজনালয়ৰ তিনিটা গেছ চিলিণ্ডাৰ আৰু বহু পৰিমাণৰ পিতলৰ আৰু ষ্টিলৰ বাছন বৰ্তনো চোৰে লুটি নিয়ে।ঐতিহাসিক শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰত সংঘটিত চুৰিকাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে আজি সংবাদ মাধ্যমৰ আগত কয় যে, ‘ঐতিহাসিক শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰানত এই চুৰিকাণ্ডৰ জৰিয়তে দুৰ্বৃত্তই আক্ৰমণ চলাইছে।
গতিকে চৰকাৰীভাৱে প্ৰশাসনৰ জৰিয়তে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে জোৰদাৰ তদন্ত কৰক। দুৰ্বৃত্তক কঠোৰত্তম শাস্তি প্ৰদানৰ দাবী জনাইছোঁ।’ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰত সংঘটিত চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।






























