Dhing Express Hima Das : ইণ্ডিয়ান গ্ৰাঁ প্ৰি ৱান এথলেটিকছত উজ্বলি উঠিল ধিং এক্সপ্ৰেছ হিমা দাস

২০০ মিটাৰ শাখাত দৌৰি হিমাই লাভ কৰে সোণৰ পদক

95dbca0c 94cf 4b12 9c05 eadd0ec43388

Dhing Express Hima Das :

পুনৰ পূৰ্বৰ ছন্দলৈ উভতিল ধিং এক্সপ্ৰেছ হিমা দাস। বহু বিৰতিৰ মূৰত প্ৰত্যাৱৰ্তন কৰিয়েই দখল কৰিলে স্বৰ্ণপদক।

কেৰেলাত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গ্ৰাঁ প্ৰি ৱান এথলেটিকছৰ ২০০ মিটাৰ শাখাত দৌৰি হিমাই আজুৰি আনিবলৈ সক্ষম হয় স্বৰ্ণ ৷

উল্লেখ্য যে, পাঁচ গৰাকীৰ খেলুৱৈৰ মাজত হৈছিল ইভেণ্টটোৰ ফাইনেল মেটছ খন ৷ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ প্ৰতিযোগিতাত মহিলাৰ ২০০ মিঃ দৌৰৰ ফাইনেলত ২৩.৭৯ ছেকেণ্ডত দৌৰ সমাপ্তি কৰি স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয় হিমাৰ দাসে ৷

বৰ্ষটোৰ আৰম্ভণিৰ প্ৰথমখন খেলতেই হিমাৰ এই ইভেন্টটো ৰাজসিক সফলতা হিচাপে বিবেচিত হৈছে ।

Exit mobile version