Bhabanipur Love Jihad :ভৱানীপুৰত লাভ জেহাদ

নাবালক মেট্ৰিক পৰীক্ষাৰ্থীয়ে পলুৱাই নিলে নাবালিকা উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক,দিল্লীলৈ নি থাকোতে পশ্চিমবঙ্গত কৰায়ত্ত আৰক্ষীৰ

WhatsApp Image 2023 03 22 at 19.03.23

Bhabanipur Love Jihad :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসমত প্ৰশাসনে বাল্য বিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰখাৰ সময়ছোৱাতেই ভৱানীপুৰত নাবালক মুছলমান কিশোৰ আৰু নাবালিকা হিন্দু কিশোৰীৰ মাজত লাভ জেহাদক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে লাভ জেহাদৰ সোতৰ বছৰীয়া কিশোৰজন চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ বিপৰীতে ষোল্ল বছৰীয়া কিশোৰী গৰাকী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী।

যোৱা সোতৰ মাৰ্চৰ নিশাৰ পৰা কঠালৰটাৰী গাঁৱৰ মুছলমান কিশোৰজন আৰু ভৱানীপুৰৰ কিশোৰীজনী সন্ধানহীন হৈ থকাত কিশোৰী জনীৰ পিতৃ পৰিয়ালে ভৱানীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল।

প্ৰায় ছয় মাহ ধৰি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা দুয়ো কিশোৰ-কিশোৰীয়ে সোতৰ মাৰ্চৰ নিশা প্ৰায় এঘাৰ বজাত ভৱানীপুৰৰ নিকটৱৰ্তী কহৰা চ’কত এখন নৈশ বাছত উঠি গুৱাহাটীলৈ পলাই গৈছিল।

গুৱাহাটীৰ মালিগাঁৱত দুয়োজনে চাৰিদিন অতিবাহিত কৰাৰ পিছত কালি সন্ধিয়া প্ৰায় পাঁচ বজাত মালিগাঁৱৰ পৰা ব্ৰক্ষ্মপুত্ৰ এক্সপ্ৰেছ ৰেল গাড়ীত উঠি দিল্লী অভিমুখে যাত্ৰা কৰিছিল কিশোৰ-কিশোৰী দুয়োজনে।

উল্লেখ্য যে ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ গিৰি আৰু সহকাৰী উপ পৰিদৰ্শক কিশোৰ শৰ্মাৰ নেতৃত্বত আৰক্ষীয়ে লাভ জেহাদৰ কিশোৰ-কিশোৰী দুজনৰ সন্ধানত বিগত চাৰিটা দিন ধৰি অভিযান অব্যাহত ৰাখিছিল।

অৱশেষত কালি নিশাৰ ভাগত দুয়োজন কিশোৰ-কিশোৰীয়ে দিল্লী অভিমুখে যাত্ৰা কৰাৰ সম্ভেদ লাভ কৰি গুৱাহাটীৰ পৰা নামনিৰ প্ৰতিটো ৰেল ষ্টেচনত অনুসন্ধান চলাইছিল ভৱানীপুৰৰ আৰক্ষীয়ে।

আজি পুৱতি নিশা প্ৰায় তিনি বজাত ফালাকাটা ৰেল ষ্টেচনত ষ্টেচনৰ আৰক্ষীৰ সহযোগত ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰি আৰু সহকাৰী উপ পৰিদৰ্শক কিশোৰ শৰ্মাই লাভ জেহাদৰ কিশোৰ-কিশোৰী দুয়োজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আজি বিয়লি পাচ বজাত দুয়োজন কিশোৰ-কিশোৰীক ভৱানীপুৰৰ আৰক্ষীয়ে কৰায়ত্ত কৰি ভৱানীপুৰ আৰক্ষী চকীলৈ লৈ আহে। আৰক্ষীয়ে দুয়োজন কিশোৰ-কিশোৰীক জেৰা অব্যাহত ৰাখিছে।

Exit mobile version