Assam Bjp Pressmeet:আইন সকলোৰে বাবে সমান, আইনৰ ঊৰ্ধত কোনো হ’ব নোৱাৰে : সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

WhatsApp Image 2023 03 25 at 19.30.46

Assam Bjp Pressmeet:

গুজৰাটৰ এখন আদালতত ২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনীয়া তনয় ৰাহুল গান্ধী ।
‘মোদী উপাধি’ক লৈ কৰা এক মন্তব্যক লৈ দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড ৰায় দিয়ে চুৰাটৰ চেছন ন্যায়াধীশৰ আদালতে।

অৱশ্যে তাৰ পিছতে জামিন লাভ কৰে কংগ্ৰেছ নেতাজনে। উক্ত গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছতে শুক্ৰবাৰে লোকসভা সচিবালয়ে এক জাননী যোগে খাৰিজ কৰে ৰাহুল গান্ধীৰ সাংসদ পদ।

আনহাতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছতে দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া৷ দেশৰ প্ৰান্তে প্ৰান্তে শনিবাৰে দেশজুৰি কংগ্ৰেছীয়ে অব্যাহত ৰাখে উত্তাল প্ৰতিবাদ ৷

এনে প্ৰেক্ষাপটত আজি অসম প্ৰদেশ বিজেপিয়েও ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটায়ে কয়,’সংসদীয় নিয়ম তথা ন্যায়পালিকাৰ উৰ্দ্ধত নহয় গান্ধী পৰিয়াল। ৰাহুল গান্ধীয়ে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ বাবে ক্ষমা খোজা উচিত’।

সাংসদ গৰাকীয়ে আৰু কয়, আইন সকলোৰে বাবে সমান, আইনৰ ঊৰ্ধত কোনো হ’ব নোৱাৰে ৷ ৰাহুল গান্ধী দোষী সাব্যস্ত হৈছে মহামান্য ন্যায়পালিকাৰ দ্বাৰা, সাংসদ পদ খাৰিজ হৈছে পৱিত্ৰ সংসদৰ প্ৰচলিত নিয়মানুসাৰে।

বিগত দহবছৰত দহগৰাকী সাংসদৰ এনেদৰে সদস্যতা বাতিল হৈছে । দেশৰ প্ৰচলিত আইন কানুনতকৈ ৰাহুল গান্ধী বা কংগ্ৰেছ দল ঊৰ্ধত নহয়।

Exit mobile version