Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট

দেৱব্ৰত শইকীয়া ,ৰকিবুল হুছেইন সহ কংগ্ৰেছী বিধায়ক- নেতাৰ প্ৰতিবাদী সমদলক বাধাআৰোপ আৰক্ষীৰ

WhatsApp Image 2023 03 25 at 14.59.31

Congress Protest In Dispur :

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে আজি দেশজুৰি অব্যাহত থকা প্ৰতিবাদৰ প্ৰভাৱ গুৱাহাটীটো পৰে ৷

প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত দিছপুৰ লাষ্টগেটৰ পৰা উলিওৱা হয় এক প্ৰতিবাদী সমদল ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,বিধায়ক ৰকিবুল হুছেইন,জাকিৰ হুছেইন সিকদাৰ,বিধায়কা শিৱামণি বৰা,ৰেকিবুদ্দিন আহমেদ সহ বহু কেইগৰাকী বিধায়ক,বহু কেইগৰাকী নেতা- কৰ্মীয়ে অংশ লোৱা প্ৰতিবাদী দলটোৱে বেনাৰ,প্লেকাৰ্ড,ফেষ্টুন আদি লৈ লাষ্ট গেইটৰ পৰা এম এল এ হোষ্টেল প্ৰৱেশদ্বাৰৰ সন্মুখেদি অসম সচিবালয় আৰু মিনিষ্টাৰ কলনি সমীপৰ পথেদি গৈ থকা সময়ত চুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ তলত আৰক্ষীৰ ৰছিৰে বেৰিকেড দি বাধা প্ৰদান কৰে ৷

প্ৰতিবাদকাৰী ৰাহুল গান্ধী জিন্দাবাদ,গণতন্ত্ৰ ৰক্ষা কৰক,সাংসদ পদ খাৰিজৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰক শীৰ্ষক চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে কপাই তোলে দিছপুৰৰ ৰাজপথ ৷ মুৰত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৷

অৱশ্যে দিছপুৰ মিনিষ্টাৰ কলনিৰ প্ৰৱেশ দ্বাৰৰ সমীপতে প্ৰতিবাদকাৰী সকলক আগবাঢ়িব নিদিলে আৰক্ষীয়ে ৷ প্ৰতিবাদী কংগ্ৰেছী সকলক আৰক্ষীয়ে আটক কৰি বাছত উঠাই লৈ যায় ৷

আনহাতে কংগ্ৰেছী বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,এইয়া গণতন্ত্ৰৰ প্ৰতি প্ৰচণ্ড আঘাত বুলি অভিহিত কৰে ৷

গৌতম আদানীৰ কেলেংকাৰীৰ বিৰুদ্ধে সদনত সোচ্ছাৰ হৈ থকাৰ বাবেই তেওঁৰ মুখ বন্ধ কৰিবএইয়া শাসনাধিষ্ঠ দলটোৰ গোপন অভিসন্ধি ৷

গণতন্ত্ৰৰ ৰক্ষাৰ বাবে কংগ্ৰেছে অবিৰতভাৱে সংগ্ৰাম অব্যাহত ৰাখিব কংগ্ৰেছে ৷ ইতিমধ্যে দিল্লীত এক সংবাদমেলত স্বয়ং ৰাহুল গান্ধীয়ে উল্লেখ কৰাৰ দৰে সদনৰ ভিতৰত থাকক বা নাথাকক ৷ কিন্ত ভাৰতক আৰু গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত তেওঁ যুঁজি যাব ৷

ৰাহুল গান্ধীৰ এই পদক্ষেপৰ স’তে অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা অসমবাসী ৰাইজ আছে ৷ কংগ্ৰেছ এতিয়া বহি নাথাকে ৷ ধাৰাবাহিক সংগ্ৰাম কৰি যাব বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷

Exit mobile version