Birthday : অগ্ৰদূত কাৰ্যালয়ত মুস্তাফিজুৰ ৰহমানৰ ৭৫ সংখ্যক জন্মদিন উদযাপন

7d1c4b7d 8696 43d2 ba8f 60106f672c42

Birthday :

সুদীর্ঘ জীৱন, সুস্বাস্থ্য কামনাৰে আজি ‘অগ্রদূত ভৱন’ত উদ্‌যাপন কৰা হয় আপোনাৰ প্রিয় লেখক মুস্তাফিজুৰ ৰহমানৰ ৭৫ সংখ্যক জন্মদিন।

এই আয়োজিত অনুষ্ঠানত অগ্ৰদূত’ৰ মুখ্য সম্পাদক ডেকাই কয়, সুদীর্ঘ কাল ধৰি মুস্তাফিজুৰ ৰহমানে অসমৰ একমাত্র আমাৰ কাকততে ধাৰাবাহিকভাৱে এটা সংখ্যাও বাদ নিদিয়াকৈ প্ৰতি সপ্তাহে লিখি আহিছে। তেওঁৰ লিখা অতি যুক্তিপূৰ্ণ, বাস্তৱসন্মত আৰু সংকীর্ণতাৰ ঊর্ধ্বত।’

তেওঁ কয় যে ৰহমানৰ অসংখ্য অনুৰাগী আছে আৰু তেওঁৰ লিখনি কিমানে যে ভাল পায় সেই কথা অনুধাৱন কৰিব পাৰি। দেওবৰীয়া কাকতৰ সংখ্যাত তেওঁৰ লিখা পঢ়িবলৈ বাট চাই থাকে অনুৰাগীসকলে। এইদৰে উল্লেখ কৰি বিশিষ্ট সাংবাদিকজনে কয় যে প্রিয় লেখকজনক এবাৰ লগ পাবলৈ, ওচৰৰ পৰা সানিধ্য লাভ কৰিবলৈ বাট চাই আছে অনুৰাগীসকলে।

তেওঁৰ এতিয়া ৭৫ বছৰ হৈছে মাথোঁ। ৭৫ বছৰ আজিকালি যৌৱনৰ বয়স। আমি প্ৰাৰ্থনা কৰিছো যাতে তেওঁ সুস্বাস্থ্য বৰ্তাই ৰাখি এইদৰে নিয়মীয়াকৈ লিখি যাব পাৰে। তেওঁৰ সহধর্মিণী আৰু কন্যাসহ সপৰিয়ালে সকলোৱে সুস্বাস্থ্য লাভ কৰক।’

ইপিনে, অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট শিক্ষাবিদ ড°দয়ানন্দ পাঠকে কয়, ‘দাদাই কিছুদিন আগতে আমাক এটা প্ৰস্তাৱ দিছিল যে দয়ানন্দ পাঠকে কয়, ‘দাদাই কিছুদিন আগতে আমাক এটা প্ৰস্তাৱ দিছিল যে মুস্তাফিজুৰ ৰহমানৰ জন্মদিন আমি অগ্রদূত কার্যালয়ত উদযাপন কৰিম। মই ভাবো এইটো এটা নতুন পৰম্পৰা। এক নতুন চিন্তা।

এই চিন্তাই লেখক আৰু প্ৰেছৰ মাজৰ সৌহার্দ্যপূর্ণ সম্পর্ক নিশ্চিতভাৱে বহু বহল, বিস্তৃত কৰিব। ই সকলোকে আগ্রহান্বিত কৰিব আৰু অনুপ্রাণিত কৰিব। অগ্রদূতৰ আজিৰ এই পদক্ষেপ আমাৰ বাবে অনুপ্ৰেৰণাদায়ক বুলি মই ভাবো। ইয়াৰ দ্বাৰা মুস্তাফিজুৰ ৰহমানৰ লেখাৰ প্ৰতি আগ্রহ অধিক দৃঢ় হ’ব। সেয়াও আমাৰ বাবে এক ডাঙৰ কথা।’

আজিৰ এই অনুষ্ঠানত জন্মদিন উপলক্ষে এটা কেক কৰে বিশিষ্ট সংবাদিক ডেকাৰ লগতে পাঠক আৰু অধিকাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে অগ্ৰদূতৰ সাংবাদিক আৰু সংবাদকৰ্মীসকল ।

Exit mobile version