Inter – Caste Marriage : অন্য জাতিৰ যুৱতীক বিয়া কৰিলে পাব ১০ লাখ টকা ! কিন্তু ক’ত ?

1679812780 new project 2023 03 26t120836 924

Inter – Caste Marriage :

ভাৰতৰ বিভিন্ন প্ৰান্তত, এতিয়াও বেলেগ ধৰ্ম বা বেলেগ জাতিৰ বিয়া কৰিলে সমাজৰ বহু প্ৰশ্নৰ মুখামুখি হ’ব লগা হয় ।

প্ৰেমে কোনো ধৰ্ম বা জাতিৰ সীমা নামানে, সমাজৰ বহুলোকে এতিয়াও ইয়াক গ্ৰহণ কৰিবলৈ অনিচ্ছুক। শেহতীয়াকৈ, ৰাজস্থান চৰকাৰে ভিন্নজাতিৰ বিবাহক উৎসাহিত কৰাৰ বাবে এক বৃহৎ পদক্ষেপ কথা ঘোষণা কৰিছে।

বেলেগ জাতিৰ স’তে বিয়াত হ’লে লাভ কৰিব ১০ লাখ টকা । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শেহতীয়াকৈ ৰাজ্যখনৰ বাজেট ঘোষণা কৰাৰ সময়ত এই উদ্যোগটো ঘোষণা কৰিছিল।

সংশোধিত ‘সাবিতা বেন আম্বেদকাৰ ভিঞ্জাতি বিবাহ যোজনা’ৰ অধীনত, পাঁচ লাখ টকা আঠ বছৰৰ বাবে স্থিৰ জমা হিচাপে ৰখা হ’ব আৰু বাকী পাঁচ লাখ টকা তেওঁলোকৰ যুটীয়া বেংক একাউণ্টত নৱদম্পতিৰ নামত জমা কৰা হ’ব।

প্ৰকল্পটো ২০০৬ চনত ৰাজস্থান চৰকাৰে আৰম্ভ কৰিছিল। প্ৰকল্পটো ৫০,০০০ টকাৰে আৰম্ভ হৈছিল কিন্তু ২০১৩ চনত পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল।

প্ৰকল্পটো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যুটীয়াভাৱে পৰিচালিত হয়। ৭৫ শতাংশ ধন ৰাজ্য চৰকাৰে আৰু ২৫ শতাংশ কেন্দ্ৰীয় চৰকাৰে দিয়ে।

ৰাজস্থান চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্ৰকল্পটোৰ বাবে ৩৩.৫৫ কোটি টকা আৱণ্টন কৰিছে। দৰা আৰু কইনা দুয়োজনে এই আঁচনিৰ সুবিধা কেৱল তেতিয়াহে লাভ কৰিব পাৰে যদি তেওঁলোক হিন্দু হয় আৰু তেওঁলোকৰ বয়স ৩৫ বছৰৰ তলৰ হয়।

আইনী বিবাহৰ এবছৰৰ পাছত , তেওঁলোকে আঁচনিখনৰ বাবে ধন প্ৰাপ্ত কৰিবলৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। এই প্ৰকল্পটো আগতেও আছিল, এইবাৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

Exit mobile version