Lovlina Borgohain : বিশ্ব মহিলা বক্সিঙ চেম্পিয়নশ্বিপত

পুনৰ উজ্জ্বলি উঠিল লৌহকন্যা লাভলীনা

e3af70be a678 4d00 80bf 99aa4309d04a

Lovlina Borgohain :

পুনৰ উজ্জ্বলি উঠিল লৌহকন্যা লাভলীনা৷ দেওবাৰে নিশা নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিত বিশ্ব খিতাপ অৰ্জন কৰে অসমকন্যা গৰাকীয়ে ৷

টকিঅ’ অলিম্পিকত বঞ্জ পদক বিজয়ী লাভলিনা বৰগোহাঁয়ে প্ৰতিপক্ষ কমনৱেলথ গেমছৰ দুবাৰৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰক পৰাভূত কৰে ৷

লাভলিনাই ৭০-৭৫ কেজি ওজনৰ ইভেণ্টটোৰ ফাইনেলত পাৰ্কাৰক ৫-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

জয়ৰ পাছতে বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাই ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ,ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনায় বক্সাৰ গৰাকীয়ে ৷

আনহাতে জয়ৰ পাছত লাভলীনা বৰগোঁহাইৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টুইটাৰ জৰিয়তে ৷ তেওঁ কয়, ‘বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মোৰ তৃতীয় পদক জিকি অত্যন্ত সুখী।

একেৰাহে দুটা ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত, মই এই বছৰ মোৰ পদকৰ ৰং সোণলৈ ৰূপান্তৰ কৰি সুখী এই সুন্দৰ যাত্ৰাৰ অংশ হোৱা সকলোৰে প্ৰতি মই কৃতজ্ঞ। মোৰ সংগ্ৰাম অব্যাহত থাকিব ‘। শেহতীয়া খবৰ অনুসৰি অসম চৰকাৰে লাভলীনালৈ আগবঢ়াইছে ৫০ লাখ টকা৷

Exit mobile version