Chief Minister felicitates Loveleena :স্বৰ্ণজয়ী লাভলীনাক জনতা ভৱনত সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2023 03 30 at 18.27.45 1

Chief Minister felicitates Loveleena :

নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপট স্বৰ্ণ পদক লাভ কৰাৰ পাছত আজি দুপৰীয়া ভাগত লৌহকন্যা লাভলীনা বৰগোঁহাই স্বভূমিত উপস্থিত হয় ৷

গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে উপস্থিত ৰাইজে জনায় উস্ম আদৰণি ৷

এয়াৰপৰ্টৰ পৰা বক্সাৰ গৰাকী ৰাওনা হয় কামাখ্যা মন্দিৰলৈ ৷ মন্দিৰত পূজা-অৰ্চনা কৰি আশিস ললে লাভলীনা বৰগোহাঁইয়ে ৷

ইয়াৰ পাছতে বিশ্বজয়ী বক্সাৰ গৰাকী ৰাওনা হয় জনতা ভৱন অভিমুখে ৷ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণক্ৰমে জনতা ভৱনত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই  সম্বৰ্ধনা জনায় লাভলীনা বৰগোহাঁইক ৷

Exit mobile version