High-Value Apartments In Mumbai:দেশৰ সবাতোকৈ দামী এপাৰ্টমেণ্ট বিক্ৰী হ’ল ৩৬৯ কোটি টকাত কোনে কৰিলে ক্ৰয় ?

WhatsApp Image 2023 03 31 at 20.27.06

High-Value Apartments In Mumbai:

ভাৰতৰ সবাতোকৈ অধিক মূল্যৰ এপাৰ্টমেণ্ট বিক্ৰী হ’ল ৩৬৯ কোটি টকাত । দক্ষিণ মুম্বাইৰ মালাবাৰ হিলত অৱস্থিত এই বিলাসী এপার্টমেণ্ট ক্ৰয় কৰিলে ফেমি কেয়াৰৰ প্ৰতিষ্ঠাপক জে পি তাপাৰিয়াই।

সমুদ্রৰ সন্মুখত থকা এই এপার্টমেণ্টটো নিৰ্মাণ কৰিছিল লোধা গ্রুপে । লোধা টাৱাৰৰ ২৬, ২৭ আৰু ২৮ মহলাক লৈ তৈয়াৰ কৰা হৈছে এপাৰ্টমেণ্টটো। অতি বিলাসী আৱাসন লোধা টাৱাৰ ৱাকেশ্বৰ ৰোডত অৱস্থিত।

ইয়াৰ বিপৰীত দিশত আছে গৱৰ্ণৰৰ এষ্টেট আৰু কাষতে আছে আৰব সাগৰ আৰু হেংগিং গার্ডেন। এই বৃহৎ এপার্টমেন্টটো ২৭,১৬০ বর্গফুট অঞ্চলক লৈ নির্মিত। প্রতি বর্গফুট অনুসৰি এপার্টমেণ্টৰ মূল্য হৈছে ১.৩৬ লাখ টকা।

প্রকাশিত বাতৰি অনুসৰি, লোধা টাৱাৰৰ এই এপার্টমেণ্টটোৱে হৈছে ভাৰতত বৰ্তমানলৈকে সৰ্বাধিক মূল্যত বিক্ৰী হোৱা আৱাসগৃহ

ইয়াৰ পূৰ্বে বাজাজ গ্ৰুপৰ প্ৰতিষ্ঠান বাজাজ অট’ৰ অধ্যক্ষ নিজ বাজাজে সমুদ্ৰৰ কাষত, এটা পেণ্ট হাউছ ২৫২.৫০ কোটি টকাত ক্ৰয় কৰিছিল।

Exit mobile version