GMC Raid In Guwahati City :মহানগৰীত পথৰ কাষলৈ আৱৰ্জনা দলিওৱা ব্যক্তি-প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ পদক্ষেপ

WhatsApp Image 2023 04 01 at 18.45.04

GMC Raid In Guwahati City :

মহানগৰীত পথৰ কাষলৈ আৱৰ্জনা দলিওৱা ব্যক্তি-প্ৰতিষ্ঠানৰ বিৰুদ্ধে মহানগৰ প্ৰশাসনৰ কঠোৰ পদক্ষেপ ৷
জি এম চিৰ ৪৮ মডেল ৱাৰ্ডত স্বচ্ছতাৰ বিধি অমান্য কৰা লোকৰ বিৰুদ্ধে আজিৰ পৰা জিলা প্ৰশাসনে অভিযান আৰম্ভ কৰে ৷

অভিযানৰ অংশ হিচাপে পথৰ কাষত আৱৰ্জনা জমা কৰাৰ অপৰাধত এখন দোকান ছীল কৰে গুৱাহাটী পৌৰ নিগমে ৷

দিছপুৰ লাষ্টগেটৰ হৰিজন কলনীস্থ সিং ষ্টোৰ নামৰ দোকানখনৰ অনুজ্ঞাপত্ৰও বাতিল পৌৰ নিগমে ৷

একেদৰে পথৰ কাষলৈ আৱৰ্জনা দলিওৱা আন কেইবাগৰাকীও লোককো হাতে-লোতে কৰায়ত্ত কৰে প্ৰশাসনৰ লোকে ৷

উল্লেখ্য যে,এখন স্বচ্ছ মহানগৰী গঢ়াৰ বাবে গুৱাহাটীবাসীলৈ সহযোগিতাৰ আহ্বান জনাই গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলে

আনহাতে মন্ত্ৰী গৰাকীয়ে নিজ নিজ ৱাৰ্ডৰ প্ৰতিগৰাকী নাগৰিককে একোগৰাকী স্বচ্ছতা প্ৰহৰী হোৱাৰ আহ্বান মন জনায় ৷

আৱৰ্জনা জমা কৰা স্পৰ্শকাতৰ এলেকাত চিচিটিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবেও বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰী সিংহলে ৷

Exit mobile version