Covid Update : দেশত এদিনতে কৰ’না আক্ৰান্তৰ সংখ্যা চাৰি হেজাৰ ! এণ্টিবায়টিক লৈ নতুন নিৰ্দেশ কেন্দ্ৰৰ

Corona 1

Covid Update :

দেশৰ দৈনিক কৰ’না পৰিসংখ্যাক লৈ উদ্বেগ অব্যাহত আছে। যোৱা কিছুদিনৰ পৰা দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে।এইবাৰ আক্ৰান্তৰ সংখ্যা প্ৰায় চাৰি হেজাৰত উপনীত হৈছে ।

ইফালে, ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰই এণ্টিবায়টিক ব্যৱহাৰ সন্দৰ্ভত এক নতুন বিবৃতি জাৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত, দেশখনত তিনি হেজাৰ ৮২৪ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ।

শনিবাৰে এই আক্ৰান্তৰ সংখ্যা আছিল দুই হেজাৰ ৯৯৪ জন। অৰ্থাৎ এদিনত আক্ৰান্তৰ সংখ্যা প্ৰায় ২৭ শতাংশ বৃদ্ধি পাইছে।

অধিক উদ্বেগজনক কথাটো হ’ল যে দেশৰ দৈনিক পজিটিভ হাৰ ২.৮৭ শতাংশলৈ বৃদ্ধি পাইছে। সাপ্তাহিক পজিটিভ হাৰও ২.২৪ শতাংশলৈ বৃদ্ধি পাইছে।

দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে সামান্য বাঢ়ি আহিছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৮ হেজাৰ ৩৮৯ জন।

যোৱা ২৪ ঘণ্টাত, মাৰাত্মক ভাইৰাছৰ ফলত মুঠ চাৰিজন লোকৰ মৃত্যু হৈছে। ফলস্বৰূপে, দেশত মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ৩০ হেজাৰ ৮৮১ লৈ বৃদ্ধি হৈছে।

কিন্তু ইয়াৰ মাজতে, সুস্থতাৰ হাৰে সকাহ দিছে। ৯৮.৭৭ শতাংশ ৰোগিয়ে কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে । ইয়াৰ উপৰিও, চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যাও কম।

অৱশ্যে, দিল্লীৰ পৰিসংখ্যা যথেষ্ট উদ্বেগজনক। যোৱা ২৪ ঘণ্টাত, ৰাজধানীত ২৩৬ জন লোক সংক্ৰমিত হৈছে। দৈনিক পজিটিভ হাৰ ১৪.৩৭ শতাংশ।

ইফালে, কেন্দ্ৰই কৰ’না বৃদ্ধিৰ মাজত এণ্টিবায়টিক ব্যৱহাৰৰ বিষয়ে নতুন নিৰ্দেশনা প্ৰদান কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি, কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত, মুষ্টিমেয় এণ্টিবায়টিক গ্ৰহণ কৰিব নালাগে।

বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা থাকিলেহে ৰোগীক এণ্টিবায়টিক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। সাধাৰণ জ্বৰৰ ক্ষেত্ৰত, পেৰাচিটামলৰ ওপৰত নিৰ্ভৰ কৰা উচিত।

Exit mobile version