Himanta Biswa Sarma : ওদালগুৰিৰ ৰৌতাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

উদ্বোধন কৰিলে অসম গৌৰৱ প্ৰয়াত কল্পনা বড়োৰ প্ৰতিমুৰ্তি

8bfbfa53 b480 41a5 9873 907f0333cf4e

Himanta Biswa Sarma :

অসমৰ চাহৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তিৰ স’তে সংগতি ৰাখি আজি ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মেকলিয়ড ৰাছেল মালিকানাধীন পানেৰী চাহ বাগিছা ক্লাবত অনুষ্ঠিত হয় অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক।

কেবিনেট বৈঠকৰ পূৰ্ৱে দিনজোৰা কেইৱাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুৱা সমষ্টিটোৰ বৰমুকলিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰলা বহুগাওঁ পানী যোগান আচনিৰ আৰম্ভ কৰে।

ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে উপস্থিত হয় ৰৌতাত। আজি হৈছে অসম গৌৰৱ সন্মানপ্ৰাপক প্ৰয়াত কল্পনা বড়োৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধ। ৰৌতাৰ অসম গৌৰৱ বটাঁপ্ৰাপক প্ৰয়াত বড়োৱে কাৰ্যনিৰ্বাহ কৰা ৰৌতা আইচিডিএচ প্ৰকল্পৰ অধীনস্থ ভালুকমাৰী ছেক্টৰৰ ৭৯ নম্বৰ বালিসিহাগাওঁ পুৰণাবস্তি অংগনবাড়ী কেন্দ্ৰৰ চৌহদত প্ৰয়াত বড়োৰ এটি প্ৰতিমুৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰতিমুৰ্তি উন্মোচন কৰি পোনে পোনে কল্পনা বড়োৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কল্পনা বড়োৰ বছৰেকীয়া আদ্য শ্ৰাদ্ধত উপস্থিত হৈ পৰিয়ালৰ লোকক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত ৰাইজক সম্বোধন কৰে।

আজি প্ৰয়াত বড়োৰ প্ৰতিমুৰ্তি উন্মোচন কৰি ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “আজি কল্পনা বড়োৰ পূণ্য আত্মালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

এগৰাকী অংগনবাড়ী কৰ্মী হৈ মাতৃ আৰু শিশুৰ কল্যাণৰ বাবে সমাজত কিমান ডাঙৰ প্ৰভাৱ পেলাব পাৰে তাৰ এটা ডাঙৰ উদাহৰণ কল্পনা বড়ো ডাঙৰীয়ানীয়ে ৰাখি থৈ গৈছে।

বিশেষকৈ ম‌ই ৰৌতালৈ আহি অনুভৱ কৰো যে দল-সংগঠন, জাতি-ধৰ্ম নিৰ্ৱিশেষে কল্পনা বড়োক ভাল পাইছিল। সকলোৰে আনন্দ দেখি প্ৰয়াত বাইদেউ কিমান জনপ্ৰিয় আছিল সেই কথা আকৌ প্ৰমাণিত কৰিছে।

আমি চৰকাৰে এই বটাঁসমূহ সেইসকল লোকক দিও যিসকলে সমাজৰ মাজত থাকি মানুহৰ জীৱন পৰিৱৰ্তনৰ বাবে কাম কৰে। আমাৰ সমাজত ভাল কাম কৰা মানুহৰ কেইৱাটাও শ্ৰেণী আছে।

ভাল সাহিত্য ৰচনা কৰাটো, ভাল গান গোৱাটো এক ডাঙৰ কাম বা শক্তি। মানুহৰ জীৱন পৰিবৰ্তন কৰাটোও এটা শক্তি। প্ৰয়াত কল্পনা বড়ো এগৰাকী সফল মহিলা হিচাপে কেৱল নিজ সন্তানৰ মাতৃ নহয়, তেখেতৰ অংগনবাড়ী কেন্দ্ৰত যোগদান কৰা প্ৰতিটো সন্তানৰ মাতৃ হিচাপে তেওঁ যিধৰণে সেৱা আগবঢ়াই গ’ল তাৰ বাবে ম‌ই তেখেতৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিছো।

ভগৱানে যেন তেখেতক ভগৱানৰ শ্ৰীচৰণত স্থান দিয়ে তাৰ বাবে প্ৰাৰ্থনা জনাইছো।” উল্লেখ্য যে প্ৰয়াত বড়োৱে সম্প্ৰদায়ৰ সৈতে দক্ষতাৰে সম্পৰ্ক গঢ়ি তোলা, পৰিপুষ্টি খাদ্য প্ৰদানত উৎকৃষ্ট প্ৰদৰ্শন, নিয়মীয়া বিকাশ নিৰীক্ষণ আৰু চিনাক্ত কৰা এছ.এ.এম. শিশু নিয়মীয়া টিকাকৰণত দেখুওৱা পাৰদৰ্শিতাৰ বাবে চৰকাৰে বড়োলৈ ২০২২ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বঁটা প্ৰদান কৰিছিল।

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বড়োৱে ২০২২ চনৰ ১৩ জুলাইত শেষ নিশ্বাস ত্যাগ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক চৰণ বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বিটিচিৰ কেবাগৰাকীও ই‌এম, এমচিএল‌এয়ে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ টংলা অভিমুখে ৰাওনা হয়।

Exit mobile version