Incident At Subansiri Hydropower Project : সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন

খহিছে জলবিদ্যুৎ প্ৰকল্পটোৰ পাহাৰ

c5f9592d ce86 4cf1 a4a4 807492d7ee0c

Incident At Subansiri Hydropower Project :

এন এইছ পি চিৰ নিৰ্মাণধীন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে ৷ ধাৰাবাহিক ভূমিস্খলনে এক ভয়ংকৰ সংকটলৈ গতি কৰিছে প্ৰকল্পটি ৷

অৰুণাচলত অব্যাহত থকা মুষলধাৰ বৃষ্টিপাতৰ বাবে আজি পুৱা হোৰা হোৰে খহি পৰিল জলবিদ্যুৎ প্ৰকল্পটোৰ ওপৰৰ পাহাৰৰ বৃহৎ অংশ এটা ।

হঠাতে হোৱা অঘটনৰ পাছতে এক হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয় ৷জলবিদ্যুৎ প্ৰকল্পটোৰ কৰ্তৃপক্ষই কৰ্মৰত শ্ৰমিক সকলক সৰ্তক কৰাৰ লক্ষ্যৰে ততাতৈয়াকৈ চাইৰেণ বজাই নিৰাপদ স্থানলৈ যোৱাৰ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে,ৰাজ্যৰ দল-সংগঠন, বিশেষজ্ঞ সকলৰ তুমুল প্ৰতিবাদৰ মাজতো যোৱা পাঁচ মাৰ্চত কেন্দ্ৰীয় চৰকাৰক উপহাৰস্বৰূপে পৰীক্ষামূলক ভাৱে বিদ্যুৎ উৎপাদনৰ বাবে মুকলি কৰি দিয়া হৈছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ।

অহা জুন মাহলৈ দুটাকৈ টাৰ্বাইনৰ জৰিয়তে ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হয় বুলিও উল্লেখ কৰি এন এইছ পি চি কৰ্তৃপক্ষই ভৱিষ্যতে এই জলবিদ্যুৎ প্ৰকল্পটিত সৰ্বমুঠ ৮ টাকৈ টাৰ্বাইন কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ কৰে ৷

এনে প্ৰেক্ষাপটত এন এইছ পি চি কৰ্তৃপক্ষই তাৰ বাবে ক্ষীপ্ৰতাৰে কাম অব্যাহত ৰাখিছে ৷ স্মতৰ্ৱ্য যে,যোৱা কেইদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ বাবেই নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত এনে ধৰণৰ অঘটন সংঘটিত হয় বুলি চাফাই গালে এন এইছ পি চি কৰ্তৃপক্ষই ৷

Exit mobile version