Twitter : টুইটাৰত নীলপক্ষীৰ স্থানত কুকুৰৰ প্ৰতীক ব্যৱহাৰ এলন মাস্কৰ

WhatsApp Image 2023 04 05 at 2.42.07 PM

Twitter :

টুইটাৰ অধিগ্ৰহণৰ পাছৰে পৰা এটাৰ পাছত আন এটা পৰিৱৰ্তন সাধন কৰিছে এলন মাস্কে। হঠাতে টুইটাৰৰ চিৰপৰিচিত নীলপক্ষী প্রতীক আঁতৰালে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি মাস্কে

নীলপক্ষীৰ স্থানত মাইক্ৰ’ ব্লগিং ছাইটটো ল’গ’ হিচাপে মাস্কে শেহতীয়াভাৱে ব্যৱহাৰ কৰিছে এটা কুকুৰক। অৱশ্যে এই বিশেষ পৰিৱৰ্তন টুইটাৰৰ ডেস্কটপ সংস্কৰণৰ ক্ষেত্ৰতহে কৰা হৈছে।

মাইক্ৰ’ ব্লগিং ছাইটটোৰ ম’বাইল এপ ভাৰ্চনত এতিয়াও ল’গ’ হিচাপে নীলপক্ষীক ৰখা হৈছে।

টুইটাৰৰ এই আজৱ পৰিৱৰ্তনক লৈ ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে । অৱশ্যে আকস্মিক এই পৰিৱৰ্তনৰ সন্দৰ্ভত মাস্কে বর্তমানলৈকে কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই।

Exit mobile version