Usa Ex President Trump Arrest:গ্ৰেপ্তাৰ হ’ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

পৰ্ণতাৰকাক উৎকোচ দিয়াৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প

WhatsApp Image 2023 04 05 at 1.03.13 PM 1

Usa Ex President Trump Arrest:

আত্মসমৰ্পণৰ পূৰ্বে গ্ৰেপ্তাৰ হ’ল প্রাক্তন মার্কিন ৰাষ্ট্রপতি তথা অর্বুদপতি ডানাল্ড ট্রাম্প। মঙলবাৰে নিশা নিউয়ৰ্কৰ মেনহাটন আদালতত তেওঁ আত্মসমর্পণ কৰাৰ কথা আছিল। তাৰ পূৰ্বে আদালতৰ নির্দেশ মৰ্মে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতিজনক

তাৰ পাছতে আৰম্ভ হয় শুনানি। কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু বিশ্বৰে সংবাদ মাধ্যমৰ তুমুল উত্তেজনাময় পৰিৱেশৰ মাজত ট্রাম্পৰ আদালতত আজি উপস্থিতি ঐতিহাসিক বুলি কোৱা হৈছিল। ট্রাম্পে হৈছে প্রথমজন মার্কিন ৰাষ্ট্ৰপতি যিয়ে অপৰাধী গোচৰৰ সন্মুখীন হৈছে।

আদালত চৌহদত ট্রাম্পৰ প্ৰৱেশৰ পূৰ্বৰে পৰা বিৰোধী প্রতিবাদীসকলে বিভিন্ন সমদল কৰি শ্ল’গান আদি দি আছিল। এলানি অপৰাধ গোচৰত অভিযুক্ত ৭৬ বছৰীয়া ট্রাম্পে আদালতত আজি নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে ট্রাম্পে তেওঁৰ সামাজিক এপত তেওঁৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্রকট কৰি লিখিছিল— বাঃ তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব।

ফ্ল’ৰিডাৰ পৰা নিশা বিমানেৰে উৰা মাৰি অহা প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতিজনে নিশা নিউয়ৰ্কৰ ট্রাম্প টাৱাৰত কটাইছিল। তাৰ পৰা আদালত কক্ষলৈ যোৱাৰ পূৰ্বে। তেওঁ সামাজিক মাধ্যমত এইদৰে লিখিছিল যে আমেৰিকাত এনে ঘটনা হ’ব বুলি তেওঁ ভাবিব পৰা নাই ।

দুবাৰকৈ গুৰুতৰ অপবাদৰ সন্মুখীন হোৱা ট্রাম্পে পৰ্ণতাৰকা ষ্টমী ডেনিয়েলছক উৎকোচ দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

শাৰীৰিক সম্পৰ্কৰ বিষয়ে মুখ নুখুলিবলৈ ট্ৰাম্পে পৰ্ণতাৰকাগৰাকীক উৎকোচৰ এই অভিযোগ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে তেওঁৰ অনুগামীসকলে।

ফৌজদাৰী গোচৰত অভিযুক্ত ট্রাম্পে ভাৰতীয় সময় মতে মাজনিশাৰ পূর্বে নিউয়ৰ্কৰ আদালতত আত্মসমর্পণ কৰাৰ কথা আছিল যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ট্রাম্পৰ আদালত কক্ষৰ আগমনক লৈ নিউয়ৰ্কৰ পথত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছিল আৰক্ষীয়ে। গাড়ীৰ ভিতৰৰ পৰাই ট্রাম্পে তেওঁৰ সমর্থকসকলক হাত জোঁকাৰি অভিবাদন জনোৱাৰ পাছত মার্কিন ছিক্ৰেট ছাৰ্ভিচৰ সুৰক্ষা বেষ্টনীৰ মাজেৰে আদালত চৌহদত প্ৰৱেশ কৰে। অৱশ্যে তেওঁক হেওকাফ পৰিধান কৰোৱা হোৱা নাছিল।

নিয়ম অনুসৰি তেওঁৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰাৰ লগতে ফটো সংগ্ৰহ কৰা হয়। ট্রাম্পক গ্ৰেপ্তাৰৰ পাছত উদ্ভৱ হ’ব পৰা হিংসাত্মক পৰিস্থিতিৰ আশংকাত সমগ্ৰ নিউয়র্কত আৰক্ষীৰ নিৰাপত্তা কঠোৰ কৰি তোলা হৈছে। তেওঁৰ অনুগামীসকলে হিংসাত্মক প্রতিবাদ কৰিব পাৰে বুলি শংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে নিউয়র্কৰ বহুকেইটা পথত ট্রাম্পৰ সমৰ্থক বাহিনী একত্ৰিত হোৱাৰ সমান্তৰালভাৱে তেওঁৰ শাস্তিৰ দাবীত বিৰোধীয়ে বিক্ষোভ আৰম্ভ কৰিছে।

পৰ্ণতাৰকা ষ্টৰ্মিৰ দাবী অনুসৰি ২০০৬৩ তেওঁ আৰু ট্রাম্প শাৰীৰিকভাৱে মিলিত হৈছে। ইয়াৰ পাছত ২০০৬ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মুখ বন্ধ ৰাখিবলৈ এক লাখ ৩০ হেজাৰ মাৰ্কিন ডলাৰ ট্রাম্পে উৎকোচ দিছিল ষ্টৰ্মিক।

এই অভিযোগ অনুসৰি ট্রাম্পৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। উৎকোচ প্ৰদান গোচৰত যোৱা বৃহস্পতিবাৰে ফৌজদাৰী গোচৰত ট্রাম্প অভিযুক্ত হয়। আজি আদালতত হাজিৰ হোৱাৰ বাবে সোমবাৰে নিশা ফ্ল’ৰিডাৰ নিজ বাসগৃহৰ পৰা তেওঁ নিউয়কত উপস্থিত হয়।

শেহতীয়া খবৰ অনুসৰি আদাতত প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে জামিন লাভ কৰিছে ৷ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এইদৰে অপৰাধমূলক ধাৰাত গোচৰ ৰুজু কৰা হ’ল।

মনকৰিবলগীয়া যে ২০২৪ত মার্কিন ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল যদিও এই গোচৰে হোৱাইট হাউছলৈ তেওঁৰ পুনৰ ওভতাৰ বাট সম্পূর্ণ বন্ধ কৰিব নেকি বুলিও চর্চা চলিছে ।

Exit mobile version