Covid Update :
ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে পাঁচ হেজাৰৰো অধিক লোক ।বুধবাৰে মুঠ পাঁচ হেজাৰ ৩৩৫ জনৰ শৰীৰত নতুনকৈ পোৱা গৈছে কৰ’না ভাইৰাছ । মঙলবাৰে, নতুন আক্ৰান্তৰ সংখ্যা আছিল চাৰি হেজাৰ ৪৩৫ জন।
অৰ্থাৎ এদিনৰ ভিতৰতে আক্ৰান্তৰ সংখ্যা এহেজাৰলৈ বৃদ্ধি পাইছে । একে সময়তে, দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও ২৫ হেজাৰ অতিক্ৰম কৰিছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৫ হেজাৰ ৫৮৭।
তথ্য অনুসৰি কেৰালা কৰ’না ৰোগীৰ তালিকাৰ শীৰ্ষত আছে। ৰাজ্যখনত আঠ হেজাৰৰো অধিক লোক সংক্ৰমিত হৈছে। এই তালিকাত মহাৰাষ্ট্ৰ দ্বিতীয় স্থানত আছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, , ২০২২ চনৰ ২৩ ছেপ্টেম্বৰ পাছত এইটো প্ৰথম বাৰৰ বাবে যে এটা দিনতে ক’ভিড-১৯ ৰোগীৰ সংখ্যা পাঁচ হেজাৰ অতিক্ৰম কৰিছে।
এদিনৰ ভিতৰত, কৰ’না সংক্ৰমণৰ হাৰ ২০ শতাংশলৈ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে। তেতিয়াই প্ৰশ্ন উত্থাপিত হয়, মাস্ক পিন্ধাটো পুনৰ বাধ্যতামূলক নেকি ?
অৱশ্যে, এইটো এতিয়াও বাধ্যতামূলক নহয়। যদিও, হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজে কয় যে স্বাস্থ্য কৰ্মীসকলে ভিৰৰ মাজত থাকিলে মাস্ক পিন্ধিব লাগিব।
লগতে কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে কয় যে বৰ্ধিত ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভ্ৰমণৰ সময়ত লোকসকলক মাস্ক পৰিধান কৰাৰ পৰামৰ্শ দিছে।






























