Johnson Baby Powder: জনছনৰ পাউডাৰ কৰ্কটৰ কাৰক : বিপুল ধনৰে গোচৰ নিষ্পত্তিৰ প্ৰস্তাৱ সংস্থাৰ

WhatsApp Image 2023 04 06 at 2.29.24 PM 1

Johnson Baby Powder :

বিগত কে’বা বছৰ ধৰি জনছন এণ্ড জনছনৰ ‘বেবী পাউডাৰ’ক লৈ এক বিতর্ক অব্যাহত আছে। এই পাউডাৰত এছবেষ্টছৰ নমুনা লাভ কৰা হৈছিল আৰু এছবেষ্টছ হৈছে শিশুৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক।

ইয়াৰ সংস্পৰ্শলৈ আহিলে মানৱ শৰীৰত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাই বুলি গৱেষকে দাবী কৰিছে। জনছন এণ্ড জনছনৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত একাধিক গোচৰ বিচাৰাধীন হৈ আছে।

এনেবোৰ গোচৰৰ নিষ্পত্তিৰ বাবে ৮৯০ কোটি মার্কিন ডলাৰৰ ক্ষতিপূৰণ প্ৰদানৰে এক প্ৰস্তাৱ দিলে জনছন এণ্ড জনছনে। ভাৰতীয় মুদ্ৰাত পৰিমাণ হ’ল ৭৩ হেজাৰ ৮৬ কোটি টকা।

নিউ জাৰ্ছিস্থিত প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি, আদালতে যদি তেওঁলোকৰ প্ৰস্তাৱত অনুমোদন জনায় তেন্তে কছমেটিক পাউডাৰ সংক্রান্ত গোচৰৰ সকলো দাবীৰ ন্যায়সংগত সমাধান হ’ব।

অৰ্থাৎ এই ধনৰাশি অভিযোগকাৰীৰ মাজত সমানে বিতৰণ কৰাৰ এক প্ৰস্তাৱ দাখিল কৰিলে জনছন এণ্ড জনছনে। উল্লেখ্য যে ২০২০ৰ মাৰ্চৰে পৰা আমেৰিকা আৰু কানাডাত জনছনৰ বেবী পাউডাৰৰ বিক্ৰী নিষিদ্ধ হৈ আছে।

১৮৯৪ৰ বৰ্ষৰ পৰা জনছনে এই বেবী পাউডাৰ বজাৰত বিক্ৰী কৰি আহিছে ।

Exit mobile version