Royals Lose First Match In Guwahati:আই পি এলৰ ৰণত পৰিল ৰাজস্থান ৰয়েলছ গুৱাহাটীত বৰ্ষাপাৰাত বিজয়ৰ হাঁহি পঞ্জাৱ কিংছৰ

অনবদ্য প্রদর্শন ধৱন-ইলিছ-প্ৰভছিমৰণৰ,পাঁচ ৰাণত জয়ী কিংছ পঞ্জাৱ,গুৱাহাটীৰ প্ৰথম মেচত পৰাস্ত ৰয়েলছ

WhatsApp Image 2023 04 06 at 12.04.36 PM 1

Royals Lose First Match In Guwahati:

পাঞ্জাব কিংছে চলিত আই পি এলৰ নিজৰ দ্বিতীয়খন মেচতো জয়লাভ কৰিছে। উল্লেখ্য যে আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত পঞ্জাৱ কিংছে পাঁচ ৰাণত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক

১৯৮ ৰাণৰ বিজয় লক্ষ্য লৈ বেটিং কৰা ৰাজস্থান ৰয়েলছে কবিচন্দ্রন অনিক (০) বেটিং মুকলি কৰিবলৈ দি হতাশাৰে ইনিংহৰ আৰম্ভনি কৰাৰ পাছত পৰাজয়ৰে মেচৰ সমাপ্তি কৰে।

অৱশ্যে হেটমীয়েৰ (৩৬) আৰু জুবেলে (৩২) ৰাজস্থানৰ আশা সজীৱ কৰি ৰাখিছিল যদিও সাত উইকেটত ১৯২ ৰাণত ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে। দলৰ অধিনায়ক হেমছনে (৪২) দৃঢ়তা প্রদর্শন কৰাৰ বিপৰীতে সুন্দৰ আৰম্ভনি পোৱাৰ পাছতো ব্যর্থ হয় পাডিকাল (২১), বিয়ান পৰাগ (২০), বাটলাৰ (১৯) আৰু জয়ছোবাল (১১)।

পঞ্জাৱ কিছেৰ হৈ নাথান ইলিছে ৩০ ৰাণত চাবিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জয় হৈ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু জেমছনে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বর্ষাপাৰা বেটিং সহায়ক উইকেটত ৪০ অভাৰৰ মেচত এই সিদ্ধান্তৰ বিকল্প ও নাছিল যুৱ অধিনায়ক হেমছনৰ সন্মুখত।

কিন্তু বেটিং কৰিবলৈ আহি ৰাজস্থান দলৰ ৰণনীতিক প্রথম ১০ অভাৰত বিফল কৰি দিয়ে পঞ্জাব কিংছ দলৰ দুই অপেনাৰ শিখৰ ধৱন আৰু প্রতহিমৰণ সিঙে। অভিজ্ঞ ধৰনে উইকেটৰ এটা ফালে দৃঢ়তা প্ৰদৰ্শন কৰাৰ বিপৰীতে নবাগত প্রতছিমৰণে আৰম্ভনিব পৰাই বিস্ফোৰক বেটিং কৰে।

ৰাজস্থান ৰয়েলছৰ পেচাৰ ব’ষ্ট্ৰৰ লগতে স্পীনাৰ ৰবিচন্দ্রন অশ্বিন আৰু যুজবেন্দ্র চাহালকো সম্মান প্ৰদৰ্শন কৰা নাছিল পঞ্জাবৰ অপেনাগবাকীয়ে। মাৰমুখী বেটিঙৰে আই পি এলত গুৱাহাটীতে প্রথমটো অর্ধশতক পূর্ণ কৰে প্রতছিমৰণে।

৩৪ বলত তিনিটা ছিক্সাৰ আৰু সাতটা বাউণ্ডেৰী মাৰি অপেনিঙত ১০ ৰাণৰ যুটি বান্ধি আউট হয় প্রভছিমৰণ (৬০)। উল্লেখ্য যে জা’ই বাটলাবৰ এটা দর্শনীয় কেহৰ বাবে ৰাজস্থানে প্রথমটো উইকেট দখল কৰিবলৈ সক্ষম হয়।

ইফালে, সতীর্থ অপেনাৰ পেভিলিয়নলৈ গ’লেও শিখব ধৰনে নিজৰ স্বাভাবিক বেটিঙবে পঞ্জাব কিংছন ইনিংছ আগুৱাই নিয়ে। ৫৬ বলত তিনিটা ছিক্সাৰ আৰু নটা বাউণ্ডেণী মাৰি ৮৬ ৰাণত অপৰজিত থাকে ধবন।

অভিজ্ঞ বেটাৰগৰাকীৰ অনবদ্য ইনিংহৰ ফলতে পঞ্জাৱ কিংছে নির্ধারিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৯৭ ৰাণ কৰি ৰাজস্থানৰ সন্মুখত দৃঢ় লক্ষ্য থিয় কৰায়।

ইফালে, দলৰ উইকেটৰক্ষক বেটাৰ জিতেশ শৰ্মাই গুৰুত্বপূর্ণ ২৭ ৰাণৰ অৱদান আগবঢ়ায়। ৰয়েলছৰ হৈ জেছন হস্তাৰে দুটা তথা অশ্বিন আৰু চাহালে এটাকৈ উইকেট পায়। মেচৰ প্ৰথম ইনিংহত অসম সন্তান ৰিয়ান পৰাগে এটা কেটছ আয়ত্ন কৰাৰ লগতে সুন্দৰ ফিল্ডিঙৰে নিজৰ পেছাদাৰীত্ব প্রদর্শন কৰে।

Exit mobile version