Panjal Deadbody Recoverd In Ledu Coal Field:নিৰুদ্দেশ হৈ থকা প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ

তিনিমাহৰ অন্তত লিডুৰ অবৈধ কয়লা খনিত বস্তাত ভৰাই মাটিৰ তলত পুটি থোৱা অৱস্থাত উদ্ধাৰ প্ৰাঞ্জলৰ নিথৰদেহ

WhatsApp Image 2023 04 07 at 2.12.22 PM

Panjal Deadbody Recoverd In Ledu Coal Field:

লিডুৰ অবৈধ কয়লা খনিত উদ্ধাৰ হ’ল ঊৰ্বশী মৰাণৰ নিৰুদ্দিষ্ট স্বামী প্ৰাঞ্জলৰ মৃতদেহ । তিনিমাহৰ অন্তত লিডুৰ অবৈধ কয়লা খনিত বস্তাত ভৰাই মাটিৰ তলত পুটি থোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰাঞ্জলৰ নিথৰদেহ ৷

আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলে প্ৰাঞ্জলৰ পত্নী ঊৰ্বশী মৰাণক আজি পুৱাই ফোন কৰি অৱগত কৰে তেওঁৰ স্বামীৰ মৃতদেহ উদ্ধাৰৰ খবৰ ৷

আনকি ঘটনাস্থলীলৈ পৰিয়ালৰ লোক আহিব পাৰিব বুলিও অৱগত কৰাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ অন্তত আজি সন্ধিয়াই গতাই দিয়াৰ কথাই ফোনত নিশ্চিত কৰে আই জি পি গৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীৰ পৰা খবৰ পোৱাৰ পাছতে প্ৰাঞ্জলৰ পত্নী ঊৰ্বশী মৰাণ লিডুৰ কয়লা খনিলৈ বুলা ৰাওনা হৈছে ।

উল্লেখ্য যে,লিডুৰ কয়লাখনিত শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হৈছিল প্ৰাঞ্জল মৰাণ ৷ স্বামীৰ কোনো শূংসূত্ৰ নোপোৱাত পত্নী পত্নী উৰ্বশীয়ে চাৰি জানুৱাৰিত লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো সময়োচিত পদক্ষেপ নোলোৱাত পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো অৱগত কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ৷ ইয়াৰ পাছতে ডি জি পি গৰাকীয়ে বিষয়টো তদন্ত কৰিবৰ বাবে দায়িত্ব দিয়ে আই জি পি জিৎমল দলেক

মনকৰিবলগীয়া যে ,প্ৰাঞ্জল মৰাণ(২৪) লিডুৰ কয়লা খনিত শ্ৰমিক ৰূপে নিয়োজিত হৈ থকাৰ মাজতে চলিতবৰ্ষৰ বাৰ জানুৱাৰীৰ পৰা হঠাতে সন্ধানহীন হৈ পৰে ৷পৰিয়ালৰ লগত নাছিল কোনো যোগাযোগ ৷

তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানী গাঁৱৰ প্ৰাঞ্জল নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা পত্নী উৰ্বশীয়ে স্বামীৰ সন্ধানত দিকবিদিক হেৰুৱাই পেলাই ৷

Exit mobile version