Covid update : পুনৰ ক’ভিড আতংক ! মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নেকি?

Corona 1

Covid update :

এতিয়াও বিদায় লোৱা নাই কৰ’নাই । সেয়েহে, প্ৰতিটো মুহূৰ্ততে সাৱধান হ’বলৈ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে । বিগত ২৪ ঘণ্টাত দেশত পুনৰ বৃদ্ধি পালে কৰ’না সংক্ৰমণ ।

বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত ৭,৮৩০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

মাৰাত্মক ভাইৰাছৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ আৰু কেৰালা । এই সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত, সক্ৰিয় ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।

বৰ্তমান, ৪০,২১৫ টা একটিভ কেছ আছে । এই ভাইৰাছৰ ফলত এদিনতে প্ৰায় ১৬ জন লোকৰ মৃত্যু হৈছে। দেশত মৃত্যুৰ সংখ্যা পাঁচ লাখ ৩১ হেজাৰ ১৬ লৈ বৃদ্ধি পাইছে। মৃত্যুৰ হাৰ ১.১৯ শতাংশ।

অৱশ্যে, ইয়াৰ মাজতো সামান্য সকাহ আছে, বেছিভাগ লোকে কৰ’নাৰ বিভিন্ন প্ৰকাৰক পৰাস্ত কৰি আৰোগ্য হৈ উঠিছে।সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ। চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰও অতি কম। অৱশ্যে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে, পুডুচেৰী, কেৰালা আৰু হাৰিয়ানা চৰকাৰে মাস্ক বাধ্যতামূলক কৰিছে।

মহাৰাষ্ট্ৰতটো মাস্ক পিন্ধাৰ পৰামৰ্শ দিয়া হৈছে। গতিকে প্ৰশ্ন উত্থাপিত হৈছে যে, যিদৰে কৰ’নাই পুনৰ আতংকৰ সৃষ্টি কৰিছে, সমগ্ৰ দেশতে মাস্ক ব্যৱহাৰ পুনৰ বাধ্যতামূলক হ’ব nekib? অৱশ্যে, কেন্দ্ৰই এতিয়ালৈকে এনে কোনো ইংগিত দিয়া নাই।যদিও, পৰীক্ষা আৰু টিকাকৰণৰ ওপৰত গুৰুত্ব দি সংক্ৰমণ নিয়ন্ত্ৰণত ৰখাৰ প্ৰচেষ্টা চলি আছে।

Exit mobile version