Panjab Firing:পঞ্জাৱৰ বাঠিণ্ডাৰ সামৰিক শিৱিৰত ভয়ংকৰ গুলীচালনা

নিহত চাৰিজন সেনা জোৱানৰ

WhatsApp Image 2023 04 12 at 1.07.03 PM

Panjab Firing:

খালিস্তান পন্থীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি অব্যাহত থকাৰ সময়তে পঞ্জাৱৰ বাঠিণ্ডা সামৰিক শিৱিৰত আজি কাহিলীপুৱাতে সংঘটিত হয় ভয়ংকৰ নিৰ্বিচাৰ গুলীচালনা ৷ এই ঘটনাত নিহত হয় সেনাৰ চাৰিজনকৈ জোৱান ৷

গুলীচালনা ঘটনাৰ বিষয়ে সৱিশেষ জানিব পৰা হোৱা নাই যদিও সেনাই বাঠিণ্ডা অঞ্চলটো চাৰিও ফালৰ পৰা ঘেৰি অব্যাহত ৰাখিছে মাৰাথন অভিযান ৷

আনহাতে বাঠিণ্ডাৰ বিশেষ আৰক্ষী অধীক্ষক জিএছ খুৰানাই সংবাদ মাধ্যমক সদৰি কৰা মতে, গুলীচালনা ঘটনাটো সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হোৱা নাই ৷ সেনাৰ জোৱানৰ আভান্তৰিন কণ্ডলৰ বাবেই সতীৰ্থৰ মাজত গুলীচালনা ৷

সেনাই শিৱিৰৰ ভিতৰলৈ আৰক্ষীক সোমাব দিয়া নাই বুলি উল্লেখ কৰে জ্যেষ্ঠ আৰক্ষী বিষয়াজনে ৷ ইপিনে সেনাৰ পশ্চিমাঞ্চৰ কমাণ্ডে এক বিবৃতিত কয় যে, ইতিমধ্যে বাঠিণ্ডাতে সেনাৰ বিশেষ দলে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি গুলীয়াগুলী ঘটনা সংঘটিত হোৱা বাঠিণ্ডা সেনা শিৱিৰৰ জিঅ’ মেছৰ প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ৷

বিশেষ সূত্ৰ এটাই সদৰি কৰা মতে,দুদিন পূৰ্বে সেনা শিৱিৰটোৰ পৰা এটা ইনছাছ ৰাইফলসহ ২৮ টা সক্ৰিয় গুলী নাইকিয়া হৈছিল ৷ যাৰবাবে সেনাই তদন্ত আৰম্ভ কৰি নিশ্চিত হৈছিল এই ঘটনাৰ স’তে সেনা জোৱান জড়িত হৈ আছে ৷

Exit mobile version