Heatwave In WB:গৰমৰ প্ৰকোপৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা চৰকাৰৰ !

WhatsApp Image 2023 04 16 at 4.50.11 PM

Heatwave In WB :

গৰমৰ প্ৰকোপৰ বাবে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত চৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা ৷ উষ্ণপ্ৰবাহৰ পৰিস্থিতিৰ বাবে ৰাজ্য খনত চৰকাৰী বিদ্যালয় সমূহৰ গ্ৰীষ্ম বন্ধ আগুৱাই দিয়া হয় ৷

সেই অনুসৰি বৃহস্পতিবাৰে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত গ্ৰীষ্মকালীন ছুটীৰ দিন ২ মে’লৈ তিনি সপ্তাহ আগুৱাই দিয়াৰ ঘোষণা কৰে শিক্ষা বিভাগে ৷

 উল্লেখ্য যে, গ্ৰীষ্মকালীন বন্ধ প্ৰথমে আৰম্ভ হোৱাৰ কথা আছিল ২৪-২৫ মে’ৰ পৰা। আনহাতে এই বন্ধ পশ্চিমবংগৰ পাৰ্বত্যাঞ্চল দাৰ্জিলিং আৰু কালিম্পং বিদ্যালয়সমূহক ৰেহাই দিয়া হৈছে ৷

মনকৰিবলগীয়া যে,শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যখনত গৰমৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে ৷ গৰমত দহিছে ৰাজ্য খনৰ বহু কেইখন জিলা ৷যাৰবাবে এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে ৷

Exit mobile version