Nagaon Murder :নগাঁৱৰ কন্দলীত লোমহৰ্ষক হত্যাকাণ্ড

সুৰামত্ত স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

WhatsApp Image 2023 04 17 at 11.38.36 AM

Nagaon Murder :

ৰঙালী বিহুৰ আনন্দ উছাহৰ মাজতে নগাঁৱৰ কন্দলিত সংঘটিত হয় নৃশংস হত্যাকাণ্ড । দেওবাৰে নিশা নগাঁও জিলাৰ কন্দলী কচুবস্তি অঞ্চলত সুৰামত্ত স্বামীয়ে বাঁহৰে উপযুপৰি কোবাই নৃশংসভাৱে হত্যা কৰিলে পত্নীক ৷

প্ৰাপ্ত খবৰ অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছতে আৰক্ষী উপস্থিত দৈ হত্যাকাৰী স্বামী প্ৰদীপ বসুমতাৰীক আটক কৰে ৷

আনহাতে মৃত সবিকণ বসুমতাৰীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, আটকাধীন প্ৰদীপ বসুমতাৰীয়ে দৈনিক সুৰাপান কৰি আহি পত্নী সবিকণ বসুমতাৰীক মাৰপিট কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

Exit mobile version