Union Minister Sarbananda Sonowal : ডিব্ৰুগড়ৰ সাংবাদিক সকলৰে বিহুৰ জলপান, চিৰা পিঠা গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

WhatsApp Image 2023 04 17 at 2.35.17 PM 2

Union Minister Sarbananda Sonowal :

ডিব্ৰুগড়ৰ সাংবাদিক সকলৰে বিহুৰ জলপান, চিৰা পিঠা গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ । লক্ষ্মীনগৰৰ নিজা বাস গৃহত ডিব্ৰুগড়ৰ প্ৰতিগৰাকী সাংবাদিকক বিহুৰ বতৰত বিহুৰ ওলগ জনাই একেলগে জলপান গ্ৰহণ কৰে কেন্দ্রীয় মন্ত্রী গৰাকীয়ে ।

উল্লেখ্য যে মন্ত্রীত্বৰ ব্যস্ততাকো নেউচি তেওঁ প্ৰতিবাৰেই নিজৰ বাসগৃহৰ পদুলিত বহাগৰ পূৱা জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ সাংবাদিকক নিমন্ত্রণ জনাই এইদৰে আতিথ্য আগবঢ়াই আহিছে।

নিজ হাতে একোখন বিহুৱান যাচি নতুন বছৰটোত সকলোৰে মংগল কামনা কৰে। এইবাৰ তাঁতৰ বিহুৰ পূৱা নিজৰ বাকৰিত এইদৰে ডিব্ৰুগড়ৰ সাংবাদিকক আতিথ্য প্ৰদান কৰিলে কেন্দ্রীয় মন্ত্রী গৰাকীয়ে।

Exit mobile version