Janakpur Ngarik Samity Plastic Boycott Programme :ব’হাগৰ দ্বিতীয় দিনটোত প্লাষ্টিক বৰ্জনৰ পণ ল’লে দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে

দক্ষিণ জনকপুৰবাসীক পলিথিন-প্লাষ্টিক মোনা ব্যৱহাৰ বন্ধ কৰাৰ আহ্বান নাগৰিক সমিতিৰ

WhatsApp Image 2023 04 18 at 11.21.29 AM

Janakpur Ngarik Samity Plastic Boycott Programme :

অসমীয়া নতুন বছৰৰ আৰম্ভণিতেই দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে ল’লে এক ঐতিহাসিক সিদ্ধান্ত। বছৰৰ দ্বিতীয় দিনটোত নিজৰ এলেকাটো পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখাৰ উদ্দেশ্যেৰে সজাগতাৰ বাবে ল’লে এক বিশেষ কাৰ্যসূচী।

প্ৰতিঘৰৰ চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্য সন্মত কৰি ৰখাটো নিজৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে গণ্য কৰিবলৈ, সকলোৱে নিজৰ ঘৰৰ আৱৰ্জনা সন্মুখৰ পথ কিম্বা কাষৰ ঘৰৰ বাৰী বা উদং মাটিত পেলোৱাৰ পৰা বিৰত থকা, আন ঠাইৰ লোকে যাতে নিজৰ ঘৰৰ আৱৰ্জনা আনি সমিতিৰ নিজৰ এলেকাত পেলাব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰখাৰ ওপৰিও তেনে কাৰ্যৰ বিৰুদ্ধে বাধা প্ৰদান কৰা আদি উদ্দেশ্যেৰে নিজৰ এলেকা পৰিষ্কাৰ কৰি ৰখাটো প্ৰতিজন নাগৰিকৰ যে দায়িত্ব আৰু কৰ্তব্য এই বিষয়ে সজাগতাৰ বাবে এক পদযাত্ৰা উলিয়াই নাগৰিক সমিতিয়ে।

১৬ এপ্ৰিলত দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে উলিওৱা এই সজাগতামূলক পদযাত্ৰাত অংশ গ্ৰহণ কৰে বিপুল শৰ্মা পণ্ডিত, অনল কুমাৰ ভাগৱতী, গুণাভিৰাম বৰুৱা, সত্যৰঞ্জন বৰুৱা, নিৰঞ্জন ঠাকুৰীয়া, হেমন্ত শইকীয়া, হিমাংশু চৌধুৰী, সত্যনাথ ডেকা, দিলীপ কুমাৰ শৰ্মা, ৰত্নেশ্বৰ বৰ্মন, অশোক কুমাৰ পণ্ডিত, গোলাপ মজুমদাৰ, অপূৰ্ব কুমাৰ বৰা আৰু জোনাব আলীৰ লগতে দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ অন্যান্য কৰ্মকৰ্তা সকল।

অনুষ্ঠানত ছেভ ভৰলু সমিতি অসমৰ পৰা ধ্ৰুৱজ্যোতি শইকীয়াও অংশগ্ৰহণ কৰে। নাগৰিক সমিতিৰ এনে পদক্ষেপক সমগ্ৰ জনকপুৰবাসীয়ে প্ৰসংশা কৰাৰ লগতে বছৰৰ আৰম্ভণিতেই সকলোৱে নিজৰ এলেকাৰ পৰা প্লাষ্টিক বৰ্জন কৰাৰ লগতে নিজৰ চুবুৰী নিজে পৰিষ্কাৰ কৰি ৰখাৰ পণ লয়।

Exit mobile version