Down Town Hospital : ডাউন টাউন হস্পিটালৰ কাৰ্য্যবাহী সঞ্চালকলৈ মহিলা নেতৃত্ব বঁটা

648deee2 863d 4cae 9519 d02e5ebc38c7

Down Town Hospital :

এছ’চিয়েটেড চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী অৱ ইণ্ডিয়া (ASSOCHAM)ৰ দ্বাৰা ডাউন টাউন হস্পিটালৰ কাৰ্যবাহী সঞ্চালক শ্ৰীমতী ময়ূৰাক্ষী দত্তক “মহিলা নেতৃত্বৰ ৰানাৰ-আপ বটাঁ প্ৰদান কৰা হয়।

স্বাস্থ্যসেৱা খণ্ডত তেওঁৰ উৎকৃষ্টতা আৰু অপৰিসীম অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটো ২০২৩ চনৰ ১৯ এপ্ৰিল তাৰিখে কলকাতাত এছ’চিয়েটেড চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী অৱ ইণ্ডিয়া হেল্থকেয়াৰ ৫.০ বৰ্ধিত স্বাস্থ্যসেৱা ক্ষমতা আৰু উৎকৰ্ষ বঁটা ২০২৩-ৰ ৰাষ্ট্ৰীয় সন্মিলনত আয়োজন কৰা হয়।

তেওঁক লগতে “চিকিৎসা পৰ্যটনক সমৰ্থন কৰাত চিকিৎসালয়ৰ ভূমিকা” বিষয়টোৰ বাবে “চিকিৎসা মূল্য পৰ্যটন, প্ৰযুক্তি আৰু তাৰ বাহিৰৰ সৈতে ৰোগী সমৰ্থন প্ৰণালীক শক্তিশালী কৰা” অধিৱেশনত বিশিষ্ট বক্তা হিচাপেও আমন্ত্ৰণ জনোৱা হয়।

Exit mobile version